
অজন্তা তালুকদাৰ
বোকাখাত : সমগ্ৰ অসমৰ লগতে বানে বুৰাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। সাধাৰণ জন-জীৱনৰ সমান্তৰালকৈ বিপৰ্যস্ত হৈছে উদ্যানখনৰ বন্য জীৱকুল। ১৪ জুলাইত কাজিৰঙাৰ শুকানী গাঁৱৰ ডিফলু পথাৰৰ পৰা উদ্ধাৰ হ’ল বাঢ়নী পানীত দিকবিদিক হেৰুৱাই মাতৃ গঁড়ৰ পৰা পৃথক হৈ হেৰাই যোৱা মাইকী গঁড় পোৱালী এটা। কাজিৰঙাৰ অগৰাতলিৰ ইষ্টাৰ্ণ ৰেঞ্জ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু পানবাৰীস্থ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ যুটীয়া প্ৰচেষ্টাত উদ্ধাৰ হয় পোৱালীটো। বৰ্তমান পানবাৰীস্থ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ, চমুকৈ CWCAত গঁড় পোৱালীটো সুস্বাস্থ্যৰে আছে বুলি জানিব পৰা গৈছে।













