অজন্তা তালুকদাৰ
বোকাখাত : সমগ্ৰ ৰাজ্যখনৰ বান পৰিস্থিতি আৰু ইয়াৰ ক্ষয় ক্ষতি আৰু পৰবৰ্তী সময়ত ল’বলগীয়া ব্যৱস্থা সন্দৰ্ভত আজি বোকাখাতত এক সংবাদমেল যোগে তথ্য সদৰি কৰে কৃষি তথা পশুপালন আদি দপ্তৰৰ মন্ত্ৰী অতুল বৰাই। অসমত এই বছৰৰ হৈ যোৱা প্ৰথমটো বানত ১৯খন জিলা ক্ষতিগ্ৰস্ত হৈছিল। সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত হেছে ২৭ খন জিলা। এই জিলাসমূহৰ ১০ হাজাৰ গাঁৱৰ ৯.২২ লাখ কৃষক ক্ষতিৰ সন্মুখীন হৈছে। এই কৃষিক্ষেত্ৰসমূহত ধান, মৰাপাট, মাকৈ, শাক-পাচলিৰ খেতি আছিল। খেতি থাকি ২.৫ লাখ হেক্টৰ মাটি বানত ডুব যোৱাত কৃষকৰ বিস্তৰ ক্ষতি সাধন হৈছে বুলি আজি অসম চৰকাৰৰ মন্ত্ৰী তথা বোকাখাতৰ স্থানীয় বিধায়ক অতুল বৰাই সাংবাদিকক সম্বোধি এই তথ্য সদৰি কৰে।
গ্ৰামাঞ্চলৰ লোকসকলৰ ঘৰ-বাৰী বানৰ কবলত পৰাৰ লগতে বানে মাৰিলে কৃষকৰ শালি ধানৰ কঠিয়া। সেয়েহে ৰাজ্যৰ কৃষি বিভাগে বানৰ পাছতে ১৯,৫৭০ হেক্টৰ মাটিত শালি খেতি কৰিব পৰাকৈ ১৯৫৭ হেক্টৰ মাটিত ৰঞ্জিত চাব ১ জাতৰ কঠিয়া পৰাৰ ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই কঠিয়াৰ দ্বাৰা ৰাজ্যখনৰ ৫৮৭১০ গৰাকী কৃষক উপকৃত হ’ব বুলি আশা কৰা হৈছে। বোকাখাত মহকুমাতো ৬৩ খন গাওঁ, ৭৫৮০০ লোক, ৭৫০ হেক্টৰ কৃষিভূমিৰ লগতে ২১ হাজাৰ পশুধন ক্ষতিগ্ৰস্ত হৈছে।
ইফালে বাৰিষাৰ পাছতে ৰবি শষ্যৰ বাবে গ্ৰহণ কৰা হৈছে অভিলাষী আঁচনি। এই আঁচনিৰ ব্যয় নিৰ্দ্ধাৰণ কৰা হৈছে ৩৮.৪৩ কোটি টকা। আনহাতে বান ক্ষতিগ্ৰস্ত কৃষকক সকাহ দিবৰ বাবে ইতিমধ্যে ৭৫ কোটি টকা মুকলি কৰি দিয়া হৈছে। কৃষকৰ কৃষি ভিত্তিক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰইও যথেষ্ট সহায় কৰা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
ইতিপূৰ্বে ৰাজ্যখনৰ কৃষকলৈ ২৮ হাজাৰখন পাৱাৰ টিলাৰ, ২৬ ৰাজহ গাঁৱৰ প্ৰতি গাঁৱলৈ একোখনকৈ ট্ৰেক্টৰ বিতৰণ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, আগন্তুক বৰ্ষত ৰাজ্যখনৰ প্ৰতিখন জিলাত একোটাকৈ মাটিৰ গুনাগুণ পৰীক্ষা কেন্দ্ৰ প্ৰতিষ্ঠাৰ আঁচনি লোৱা হৈছে। ৯৩ শতাংশ কৃষকক প্ৰদান কৰা হৈছে চইল হেল্প কাৰ্ড। কৃষকক ঋণ প্ৰদান কৰিবৰ বাবে মুখ্যমন্ত্ৰীয়ে সকলো বেংকৰ লগত আলোচনা কৰিছে।
ইতিমধ্যে ১০.৯৭ লাখ কৃষকক প্ৰদান কৰা হৈছে কে চি চি ঋণ। বহিঃৰাজ্যৰ পৰা অসমলৈ অহা যুৱকসকলক কৃষি আৰু ইয়াৰ আনুষংগিক শিতানত সংস্থাপন দিয়া হব। এটকাৰ বিনিময়ত এক হেক্টৰ মাটিৰ ফচল বীমা যোজনাৰ সজাগতা সৃষ্টি কৰা হৈছে আৰু ১০ লাখ কৃষকক এই বীমাৰে সামৰি লোৱা হ’ব। ৰাজ্যখনৰ কৃষিক্ষেত্ৰত পানী যোগানৰ বাবে ইতিমধ্যে ৪১ হেজাৰ অগভীৰ নলীনাদ বহুওৱা হৈছে। পি এম কিষাণ আঁচনিৰ দ্বাৰা ইতিমধ্যে ৰাজ্যখনৰ কৃষকৰ একাউণ্টত ১.৯২৭০২ কোটি টকা জমা দিয়াৰ কথা উল্লেখ কৰি কয় যে, এইক্ষেত্ৰত ভূৱা হিতাধিকাৰীৰ নাম কৰ্তনৰ কামো সমাপ্ত হৈছে।
ৰাজ্যখনৰ ফাৰ্ম প্ৰচিডিঅ’ৰ কোম্পানী গঠনৰ দ্বাৰা কৃষি, বাণিজ্যক ত্বৰান্বিত কৰা হ’ব। চলিত বৰ্ষত ৩৬৭ কোটি টকাৰ পাচলি ৰাজ্যখনে দেশ বিদেশলৈ ৰপ্তানি কৰা বুলিও কয় মন্ত্ৰী গৰাকীয়ে। ইফালে, বোকাখাতৰ বিধায়ক হিচাপে বোকাখাতৰ কঁহৰাত এখন আন্তৰ্জাতিক পৰ্যায়ৰ অৰ্কিট পাৰ্ক স্থাপনৰো প্ৰস্তুতি কৰা হৈছে। ইয়াৰ প্ৰাথমিক ব্যয় ১৬ কোটি টকা ধাৰ্য কৰা হৈছে। পাৰ্কখন কেৱল পৰ্যটনেই নহয়, গৱেষণাৰো উৎস হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।













