![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,নগাঁও:
নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত নগাওঁ বৰঘাট বাইপাছৰ সমীপত আজি দিনত সংঘটিত হোৱা এক পথ দূৰ্ঘটনাত ১জন লোক নিহত হোৱাৰ লগতে আন ২ জন গুৰুত্বৰ ভাৱে আহত হয় ৷

আৰক্ষীৰ সূত্ৰত প্ৰকাশ পোৱা অনুসৰি আজি বাইপাছত ৰৈ থকা এ এছ ০১ এফ চি ৪৯৩৬ চিমেন্ট ভৰ্তি ট্ৰাক খনত যোৰহাট দিশৰ পৰা গুৱাহাটী অভিমুখী এ এছ ০১ এইছ চি ৭৮৬২ নম্বৰৰ মালবাহী ট্ৰাক খনে তীব্ৰ বেগত খুন্দা মৰাত সংঘটিত হয় এই দূৰ্ঘটনাটো ৷
দূৰ্ঘটনাটোত আহত লোক দুজন ক্ৰমে ডকমকা ডেকা চাং ৰ জেফৰিক কেৰকটা (২১) আৰু পুকৌ- ইম্ফলৰ দিগেন্দ্ৰ সিংহা (২৯) আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷ দূৰ্ঘটনাত নিহত হোৱা ট্ৰাক খনৰ হেণ্ডিমেনজনক চিনাক্ত কৰিব পৰা হোৱা নাই ৷













