
নগাঁও : সমগ্ৰ বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন স্থানত সময় সাপেক্ষে চলি থকা লকডাউনৰ ফলত ব্যৱসায়-বাণিজ্যৰ লগতে শ্ৰমজীৱি লোকসকল আৰ্থিকভাৱে দুৰ্বল হৈ পৰে । আনহাতে, কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাজ্যৰ ঠায়ে ঠায়ে হোৱা লকডাউনৰ বাবে গাড়ী, মটৰ চলাচল প্ৰায় বন্ধ হৈ পৰে।
যাৰ ফলশ্রুতিত মটৰ শ্ৰমিকসকল উৰ্পাজন হীন হৈ পৰাৰ লগতে তেওঁলোকৰ পৰিয়াললৈ ঘোৰ অমানিশা নামি আহিছে । আৰ্থিক সংকটৰ সন্মুখীন হোৱা নগাঁৱৰ মটৰ শ্ৰমিকক কিছু সকাহ দিয়াৰ উদ্দেশ্যে আজি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই মটৰ শ্ৰমিক পৰিয়ালৰ মাজত কিছু খাদ্য সামগ্রী বিতৰণ কৰে। নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত সামাজিক দুৰত্ব বৰ্তাই ৰাখি নিয়মনুবৰ্তিতাৰ মাজেৰে তিনি শতাধিক মটৰ শ্ৰমিকৰ পৰিয়ালক বিধায়কগৰাকীয়ে অত্যাবশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে।
উল্লেখ্য যে, ইতিপূর্বে সম্পূৰ্ণ লকডাউনৰ সময়ছোৱাত বিধায়ক শৰ্মাই নগাঁও সদৰৰ শিল্পী, কলা-কুশলী, শব্দযন্ত্ৰী আদিৰ লগতে শ্ৰমজীৱি চেলুন ব্যৱসায়ী, বাতৰি কাকতৰ হকাৰ আদিক মাস্ক, ছেনিটাইজাৰ আৰু খাদ্য সামগ্রীৰ টোপোলা প্ৰদান কৰিছিল।













