![]()
নিউজ ডেস্ক:
জম্মু-কাশ্মীৰৰ কুলগাম এলেকাত সন্ত্ৰসবাদীৰ লগত হোৱা সেনাৰ এনকাউন্টাৰত তিনি সন্ত্ৰসবাদীক নিঃশেষ কৰিবলৈ সক্ষম হয় সেনাই। এই এনকাউন্টাৰত সেনাৰ তিনি জোৱানো আহত হোৱা বুলি জানিব পৰা গৈছে।
সেনাৰ সংযুক্ত দলে এই অপাৰেচনক সফল কৰিবলৈ নামিছে। জম্মু-কাশ্মীৰৰ ডিজিপি দিলবাগ সিঙে কয়, গোপন সূত্রে খবৰ পোৱা গৈছিল যে কুলগামত চিম্মেৰ গাঁৱত কেইবাটাও সন্ত্ৰসবাদী লুকাই আছে। ইয়াৰ পিছতেই আজি পুৱাৰ পৰা অপাৰেচন আৰম্ভ হয়।

এই অপাৰেচনত সেনা, চিআৰপিএফৰ সংযুক্ত দলে অংশ লয়। অপাৰেচনত তিনিটা উগ্ৰপন্থী নিহত হোৱাৰ লগতে সেনাৰ তিনি জোৱানো আহত হোৱা বুলি জনায় দিলবাগ সিঙে। তেওঁলোকক চিকিৎসাৰ বাবে হস্পিটেললৈ পঠোৱা হৈছে। দিলবাগ সিঙে লগতে জনায়, নিহত সন্ত্ৰসবাদী কেইটা জইশ-এ-মহম্মদৰ সৈতে জড়িত।
তেওঁ কয়, নিহত কেইজনৰ ভিতৰত জইশ-এ-মহম্মদৰ এজন শীর্ষ কমাণ্ডৰো আছে। তেওঁ শীর্ষ কমাণ্ডৰ আইইডি এক্সপার্ট বুলি তেওঁ জনায়। পাকিস্তানৰ পোনপটীয়া নিৰ্দেশত কাশ্মীৰত সন্ত্ৰসবাদী অভিযান চলাবলৈ অহা বুলিও দাবী কৰে তেওঁ। ইফালে, উত্তৰ কাশ্মীৰৰ সীমান্ত জিলা কুপৱাৰাৰ কেৰন ছেক্টৰত কালি অনুপ্রবেশৰ প্রচেষ্টা ব্যর্থ কৰি সেনাই এটা সন্ত্ৰসবাদীক হত্যা কৰিছিল।
সন্ত্ৰসবাদীটোৰ পৰা এটি AK 47 উদ্ধাৰ হৈছিল। সেনাই জনায়, তিনিৰ পৰা চাৰি সন্ত্ৰসবাদী পাকিস্তানৰ পৰা ভাৰতত প্রবেশৰ চেষ্টা চলাইছিল। ইয়াৰ পিছত সমগ্ৰ এলেকাক ঘেৰাও কৰি অন্য সন্ত্ৰসবাদী কেইটাৰ উদ্দেশ্যে তালাচী অভিযান চলোৱা হয়। কেৰন ছেক্টৰত বলবীৰ পোস্টৰ ওচৰত বিয়লি চাৰিটাত সেনাৰ জোৱানসকলে সন্দেহজনক গতিবিধি দেখে।
সতর্ক জোৱানসকলে জানিবলৈ পাৰে যে, মচিকমাৰী এলেকাৰে তিনিৰ পৰা চাৰিজনীয়া উগ্ৰপন্থীৰ দল এটাই ভাৰতত অনুপ্রবেশৰ চেষ্টা চলাইছে। সেনাৰ ১৯ গাড়ৱাল ৰাইফলৰ উগ্ৰপন্থী কেইটাক ট্র্যাক কৰে। উগ্ৰপন্থী কেইটাই সেনাৰ ওপৰত গুলি চলোৱা আৰম্ভ কৰি দিয়ে। ভাৰতীয় সেনাৰ প্ৰত্যাক্ৰমনত এটা সন্ত্ৰসবাদী নিহত হয়। বাকীকেইটা পলাই যোৱা বুলি প্ৰকাশ।













