
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাতৰ বানাক্ৰান্ত কৃষকৰ সহায় হোৱাকৈ বোকাখাতৰ বিধায়ক তথা অসম চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ উদ্যোগত জিলা কৃষি বিভাগৰ সহযোগত আজি ৫০ বিঘা মাটিত শালি কঠিয়া পৰাৰ শুভাৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে। পাণবাৰী কৃষি পাম নিগমত মন্ত্ৰীগৰাকীয়ে আজি নিজে ট্ৰেক্টৰ চলাই কঠিয়া পাৰে। কাৰ্যসূচীৰ আদৰণি ভাষণ প্ৰদান কৰে মহকুমা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই। চৰকাৰৰ উদ্দেশ্য সম্পৰ্কত বক্তব্য প্ৰদান কৰে মহকুমাধিপতি বিবেক শ্যামে। জিলা কৃষি বিষয়া নবীন চন্দ্ৰ বৰাই মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত গোলাঘাটেই নহয়, সমগ্ৰ ৰাজ্যতে এতিয়া কৃষি বিপ্লৱৰ সূচনা হোৱা বুলি কয়।
বিশিষ্ট সমাজকৰ্মী দেৱপ্ৰদীপ বৰাই মন্ত্ৰীগৰাকীৰ এই কাৰ্যৰ প্ৰশংসা কৰে। নিজৰ বক্তব্যত মন্ত্ৰী অতুল বৰাই কয় যে সমগ্ৰ ৰাজ্যখনতে বানপীড়িত কৃষকক বানপানীৰ পাছত সকাহ দিয়াৰ উদ্দেশ্যে এই কঠিয়াসমূহ বিনামূলীয়াকৈ তেখেতসকলৰ মাজত বিতৰণ কৰা হ’ব। বোকাখাতৰ এই আঁচনিৰ বাবে বাচি লোৱা হৈছে থলুৱা ডৰিয়া ধানৰ বীজ। এই কঠিয়া এমাহৰ ভিতৰতে তুলি পথাৰত ৰুব পাৰিব। সাম্প্ৰতিক বানত ৰাজ্যখনৰ ৯.২২ লাখ কৃষকৰ খেতি নষ্ট হোৱাৰ লগতে ২.৫০ লাখ হেক্টৰ কৃষিভূমি বানত ডুব গৈছে। সেয়েহে ৰাজ্যৰ কৃষি বিভাগে ১৯,৫৭০ হেক্টৰ মাটিত বানৰ পাছতে শালি খেতি কৰিব পৰাকৈ ১৯৫৭ হেক্টৰ মাটিত ৰঞ্জিত চাব ১ জাতৰ কঠিয়া পৰা হৈছে।

ইফালে, বাৰিষাৰ পাছতে ৰবি খেতিৰ বাবেও ৩৮.৪৩ কোটি টকাৰ আঁচনি অসম চৰকাৰৰ কৃষি বিভাগে গ্ৰহণ কৰিছে। আনহাতে কৃষকে মুখামুখি হোৱা সমস্যাসমূহৰ দূৰীকৰণৰ বাবে অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰই সহায় আগবঢ়াইছে। ৰাজ্যখনৰ কৃষকলৈ ২৭ হাজাৰ পাৱাৰ টিলাৰ আৰু ২৬ হাজাৰখন ৰাজহ গাঁৱলৈ একোখনকৈ ট্ৰেক্টৰ প্ৰদান কৰা হৈছে।
আজি কঠিয়া পাৰিবলৈ ব্যৱহাৰ কৰা তিনিওখন ট্ৰেক্টৰেই চৰকাৰৰ কৃষি বিভাগে স্থানীয় তিনিখন গাঁৱলৈ প্ৰদান কৰিছিল। ইয়াৰ পাছতে বন্তি প্ৰজ্বলন কৰি কৃষি মন্ত্ৰী অতুল বৰাই কঠিয়া পৰাৰ শুভাৰম্ভ কৰে।













