
নগাঁও : নগাঁও চহৰৰ সমীপৰ ইছলামপট্টিত আজি ৰখাই থোৱা এখন ট্ৰাক হঠাৎ জ্বলি উঠা ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। জানিব পৰা মতে, ইছলামপট্টিৰ জ্যোতি ফ্ল’ৰ মিলৰ সন্মুখত মেৰামতিৰ বাবে পথৰ দাঁতিত ৰখাই থোৱা এ এছ ০৯ চি ৭৩৮৮ নম্বৰৰ ট্ৰাকখন আজি দুপৰীয়া হঠাৎ দপ দপকৈ জ্বলি উঠে।
পাছত উক্ত স্থানত উপস্থিত থকা একাংশ লোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত আগ্নিনিৰ্বাপক নিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় যদিও ট্ৰাক খনৰ অধিকাংশ জুইত ভস্মীভূত হয়। ট্ৰাকখনত জুই লগাৰ কাৰণ স্পষ্ট হোৱা নাই যদিওঁ স্হানীয় একাংশ লোকে কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰে।













