
নগাঁও : নগাঁও চহৰৰ মূল ব্যৱসায়িক অঞ্চল হিচাপে চিহ্নিত বৰবজাৰত আজিৰে পৰা স্বাস্থ্য বিভাগে ৰেপিড এণ্টিজেন টেষ্ট আৰম্ভ কৰে । নগাঁও জিলা স্বাস্থ্য বিভাগে আৰম্ভ কৰা এই ৰেণ্ডম টেষ্টৰ প্ৰথমদিনাই ৫জন ব্যৱসায়ীৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱাৰ লগে লগে সমগ্ৰ বৰবজাৰতে আতংকময় পৰিবেশে বিৰাজ কৰে । স্বাস্থ্যবিভাগে প্ৰথম পৰ্য্যায়ত বজাৰখনৰ ১৮গৰাকী ব্যৱসায়ীৰ শ্বাব পৰীক্ষা কৰে।
ইয়াৰে কমলা কান্ত ত্ৰিৱেদি, বিশ্বনাথ দে, বিমল কৰ, আব্দুল মল্লিক আৰু মীৰ হুছেইন নামৰ ৫ গৰাকী ব্যৱসায়ীৰ শ্বাব পৰীক্ষাৰ ফলাফল পজিটিভ পোৱাৰ লগে লগে বৰবজাৰৰ ব্যৱসায়ীসকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হয়। সামাজিক দূৰত্বৰ দিশটোক আওকাণ কৰি ব্যাপক জনসমাগমৰ সৃষ্টি কৰা বৰবজাৰ অঞ্চল মুহুৰ্ততে জনশূন্য হৈ পৰে।
আনহাতে স্বাস্থ্য বিভাগে কোভিড-১৯ত আক্ৰান্ত ব্যৱসায়ী কেইজনক চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰে। ইপিনে শনি আৰু দেওবাৰে সাপ্তাহিক লকডাউন হোৱাৰ পৰিপ্ৰেক্ষিতত অহা সোমবাৰৰ পৰাহে নগাঁৱত স্বাস্থ্য বিভাগে পুনৰ ৰেপিড শ্বাব পৰীক্ষা আৰম্ভ কৰিব।
উল্লেখ্য যে আজি নগাঁও ভ্ৰমণলৈ অহা স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই নগাঁৱত আগষ্ট মাহৰ শেষৰ ফালে কৰ’না ৰোগীৰ সংখ্যাই ২৫০০ অতিক্ৰম কৰাৰ আশংকা প্ৰকাশ কৰে।













