
দুজনী মৰমলগা কণমানি, দুয়োজনীৰে চকুত চকুলো। পখিলা খেদা বয়সত কণমানি দুজনীয়ে চকুৰে বাট নেদেখা অৱস্থা হৈছে । পিতৃয়ে কেৰেলাত পকা মিস্ত্ৰীৰ কাম কৰি থাকোতে হঠাৎ এদিন পৰি কঁকালৰ হাড় ভঙাৰ লগতে ভৰিতো আঘাত প্ৰাপ্ত হয়।
পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীৰ এনে অৱস্থাত দিশাহাৰা হৈ পৰিছে পৰিয়ালটো। কেইবামাহ মানৰ পৰা একেখন বিছনাতে মৃত্যুৰ সৈতে যুঁজি আছে আকিব আলি নামৰ এইজন লোক।
এই খবৰ ছ’চিয়েল মেডিয়াযোগে বিয়পি পৰাত Helping Hand Welfare Society (NGO)ৰ সভাপতি চাহজাহান চৌধুৰীৰ দৃষ্টিগোচৰ হয়। লগে লগে তেওঁ Helping Hand Welfare Societyৰ তৰফৰ পৰা সমগ্ৰ পৰিয়ালটোৰ ভৰণ-পোষণৰ দায়িত্বৰ লগতে ফুলকুমলীয়া দুই কণমানিৰ শিক্ষাৰ দায়িত্ব লয়। এমাহৰ খাদ্য সামগ্ৰীৰ লগতে নগদ ধনো প্ৰদান কৰে পৰিয়ালটোক।
লগতে ৰোগীয়া দেউতাকৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো খৰছ বহন কৰৰা দায়িত্ব লয় । চুহানা কাৰ বাজাৰৰ এইগৰাকী স্বত্বাধিকাৰিয়ে সমাজ সচেতন লোকসকলক দুখীয়া মানুহক সহায় কৰিবলৈ আহ্বান জনায়।












