![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,বোকাখাত:
নগৰাঞ্চলৰ কৃত্ৰিম বানপানী সাম্প্ৰতিক সময়ত এক জ্বলন্ত সমস্যা বুলি পৰিগণিত হৈছে। বোকাখাত মহকুমাৰ সমগ্ৰ দ অঞ্চল চলিত বানপানীৰ কৱলত পৰাৰ সমান্তৰালভাবে বোকাখাত পৌৰসভাৰ অন্তৰ্গত ৪ নং ৱাৰ্ডৰ বাসিন্দা সকল সম্প্ৰতি আৱদ্ধ হৈ আছে কৃত্ৰিম বানপানীত। এই ৱাৰ্ডৰ লোক সকল বছৰৰ প্ৰতিটো বাৰিষাত ঘৰৰ ভিতৰত আৱদ্ধ হৈ থাকিব লগীয়া হয়।
এটা দীৰ্ঘ দিনীয়া সমস্যাৰ কোনো সমাধান নাপাই ক্ষোভিত হৈ পৰা লোক সকলে আজি সাংবাদিকৰ সন্মুখত ‘আমাক চৰকাৰী ৰিলিফ নালাগে, আমি নগৰৰ বাসিন্দা’, ‘আমাৰ ৱাৰ্ডৰ কৃত্ৰিম বানপানীৰ সমস্যাৰ স্থায়ী সমাধান কৰক’ বুলি মন্তব্য কৰে আৰু বোকাখাত পৌৰসভা, ৱাৰ্ড সদস্য আৰু মন্ত্ৰী তথা বোকাখাতৰ বিধায়কৰ তাৎক্ষণিক হস্তক্ষেপ দাবী কৰে।
উল্লেখ্য যে বোকাখাতৰ এই ৱাৰ্ডটোৰ সাংস্কৃতিক ক্ষেত্ৰ বোকাখাত কেন্দ্ৰীয় বিহুতলী আৰু ইয়াৰ সংযোগী পথ পানীৰ তলত আছে। বৰা গাঁৱৰ মূল পথৰ লগতে বহু লোকৰ ঘৰ, ৰাস্তা, পদূলি জলমগ্ন হৈ পৰিছে। ৪ নং ৱাৰ্ডৰ অৰবিন্দ দাস, সুকুমাৰ দাসৰ ঘৰৰ ভিতৰত একাঠু পানী।
একে ৱাৰ্ডৰে সন্তোষ দাস, বিশাল দাস, কিৰণ দাস, ৰুবলু দাস, বুবুল বৰা, সুৰেণ দত্ত, বকুল দত্ত, মিৰেল ৰহমান, প্ৰদীপ বৰা, কল্যাণ বৰা, আভাৰাণী দাস, পিটু নন্দী, অমৰ ভৌমিক, পদ্ম পাটোৱাৰী,নৃপেন দাস আদি পানীত আৱদ্ধ হৈ পৰিছে। নগৰ খনৰ এই ৱাৰ্ডৰ মূল পথটোৰ দুকাষে পানী যোৱাৰ নলা নথকাই এই অঞ্চলৰ কৃত্ৰিম বানপানীৰ গুৰি কথা। এজাক বৰষুণ দিলেই সমগ্ৰ পথৰ ওপৰেদি পানী বাগৰি যায় আৰু বহু দিনলৈ পানী জমা হৈ থাকে।
বিশেষকৈ বিগত চাৰি/পাঁচ বছৰৰ পৰা একেৰাহে এই কৃত্ৰিম বানপানীয়ে জুৰুলা কৰিছে এই অঞ্চলৰ বাসিন্দা সকলক। বোকাখাত পৌৰসভাৰ এজন সদস্য এই ৱাৰ্ডৰে যদিও ৱাৰ্ডৰ লোক সকলে সমস্যা সমাধানৰ বিফলতাত অসন্তুষ্টি প্ৰকাশ কৰিছে।
এই অঞ্চলত জমা হোৱা পানী ওলাই যোৱাৰ পৰিকল্পনাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী উপপথটিত এটা কালভাৰ্ট সজা হৈছিল যদিও পৰবৰ্তী সময়ত কালভাৰ্টটোৰে পানী ওলাই যাব পৰা সমগ্ৰ ব্যৱস্থাটো সম্পূৰ্ণ নোহোৱাত কৃত্ৰিম বানৰ সমস্যাৰো একো সমাধান নহ’ল। সেয়েহে বৰ্তমান বান সাহায্যতকৈ সমস্যাটোৰ স্থায়ী সমাধান বিচাৰিছে বোকাখাত পৌৰসভাৰ অন্তৰ্গত ৪ নং ৱাৰ্ডৰ বাসিন্দা সকলে।













