![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ক’ৰোণাত আক্ৰান্ত হ’ল দৰা-কইনা ।বিয়াৰ কেইদিনমান পিছতেই চিকিত্সালয়ত ভৰ্তি হ’বলগীয়া হ’ল দৰা-কইনা। কাৰণ দৰা আৰু কইনাৰ দেহত ধৰা পৰিল ক’ৰোণাৰ অৱস্থিতি। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ ৪ নং ৱাৰ্ড নিবাসী ৰতন দাসৰ পুত্ৰ ৰাজা দাসৰ যোৱা ২ জুলাইত বিবাহ সম্পন্ন হয় আৰু বিবাহৰ দুদিন পিছতেই পিতৃ ৰতন দাস অসুস্থ হৈ পৰে। আৰু স্বাস্থ্য পৰীক্ষাৰ অন্তত ৰতন দাসৰ দেহত ক’ৰোণা ধৰা পৰে।
ৰতন দাসৰ দেহত ক’ৰোণা ধৰা পৰাৰ পিছতে পৰিয়ালটোৰ মাজত আতংকই বিৰাজ কৰে।শুকুৰবাৰে স্বাস্থ্য বিভাগে পৰিয়ালৰ সদস্য সকলকে ধৰি ৰান্ধনী, চাফাই কৰ্মীক তৎকালীন ভাৱে স্বাৱ পৰীক্ষা কৰোৱাত ১১ জনকৈ লোকৰ দেহত ধৰা পৰে ক’ৰোণাৰ অৱস্থিতি। ইয়াৰে ১০জন একেটা পৰিয়ালৰে সদস্য।
এতিয়া বিয়াখনৰ পৰাই ঢেকিয়াজুলিত ক’ৰোণাৰ ভয়াৱহ সামাজিক সংক্ৰমণ হোৱাৰ আশংকাই দেখা দিছে। ঢেকিয়াজুলি প্ৰশাসনে বৰ্তমান ৪নং ৱাৰ্ডক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে।













