![]()
নিউজ ডেক্স:
ক’ৰোণাৰ ভয়াবহ ৰূপ তিনিচুকীয়া জিলাত।উপায়ুক্ত ভাস্কৰ পেগুৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছ। উল্লেখ্য যে, মন্ত্ৰী সঞ্জয় কিষাণ, আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ কেইবাগৰাকীও বিষয়াৰ উপস্থিতিত আজি দিনৰ ভাগত বাঘজান অগ্নিকাণ্ডৰ ক্ষতিগ্ৰস্তক চেক বিতৰণ কৰিছিল উপায়ুক্ত ভাষ্কৰ পেগুৱে।
উক্ত অনুষ্ঠানত জিলাখনৰ কেইবাগৰাকী সাংবাদিকো উপস্থিত আছিল। উপায়ুক্ত গৰাকীৰ দেহত ক’ভড পজিটিভ ধৰা পৰাৰ পাছতে তেওঁৰ সংস্পৰ্শলৈ অহা বিভিন্নজনৰ দেহতো ৰোগৰ ভাইৰাছ ধৰা পৰাৰ আশংকা কৰা হৈছে। বৰ্তমান জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।













