![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
পুত্ৰৰ পিছত এইবাৰ কোভিড–১৯ত আক্ৰান্ত হ’ল বিধায়িকা নৱনীতা সন্দিকৈ।বিধায়িকাগৰাকীৰ ৰেপিড টেষ্টত ধৰা পৰে কোভিড পজিটিভ।বিধায়িকাগৰাকীৰ ব্যক্তিগত সহায়ক মানস ভৰদ্বাজ ৰয় আৰু গাড়ী চালক ৰঞ্জিত গগৈৰ দেহতো ধৰা পৰিছে কোভিড–১৯ পজিটিভ। উল্লেখযোগ্য যে দুদিন পূৰ্বে বিধায়িকাগৰাকীৰ পুত্ৰ কৰণজ্যোতি সন্দিকৈ, বিধায়িকাৰ ব্যক্তিগত সহায়ক যীশু পাল আৰু গাড়ী চালক কাৰ্তিক বড়াৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ।
সোণাৰিৰ বিধায়িকা নৱনীতা সন্দিকৈ কোভিড–১৯ ত আক্ৰান্ত হৈছে। বিধায়িকাগৰাকীৰ ব্যক্তিগত সহায়ক মানস ভৰদ্বাজ ৰয় আৰু গাড়ী চালক ৰঞ্জিত গগৈৰ দেহতো ধৰা পৰিছে কোভিড–১৯ পজিটিভ।
উল্লেখযোগ্য যে দুদিন পূৰ্বে বিধায়িকাগৰাকীৰ পুত্ৰ কৰণজ্যোতি সন্দিকৈ, বিধায়িকাৰ ব্যক্তিগত সহায়ক যীশু পাল আৰু গাড়ী চালক কাৰ্তিক বড়াৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ।
আনহাতে পুত্ৰৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ আগদিনা চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ত বিধায়িকা নৱনীতা সন্দিকৈয়ে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মন্ত্ৰী যোগেন মহনৰ লগতে বহুকেইগৰাকী উচ্চপদস্থ বিষয়াৰ সৈতে চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সভাত অংশগ্ৰহণ কৰিছিল। যাৰ ফলত এতিয়া গণ সংক্ৰমণৰ আশংকাই দেখা দিছে চৰাইদেউ জিলাত।













