![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।জিলাখনত ক’ৰোনা আক্ৰান্তৰ চিকিৎসা ব্যৱস্থাৰ বুজ লবৰ বাবে চিকিৎসালয়ত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।তিনিচুকীয়া জিলাতো ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা

চিকিৎসালয় খনত উপস্থিত হৈ জিলাখনৰ ক’ৰোনা ভাইৰাছৰ চিকিৎসা ব্যৱস্থাৰ বুজ লোৱাৰ উপৰিও চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা শদিয়াৰ বিধায়ক বলিন চেতিয়াৰো স্বাস্থ্যৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে ।
ইফালে ক’ৰোনা ভাইৰাছৰ বাবে জিলাখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত জিলা উপায়ুক্তৰে আলোচনা কৰাৰ কথা আছিল যদিও উপায়ুক্ত আৰু যুটীয়া স্বাস্থ্য সঞ্চালক দুয়োৰে শৰীৰত ক’ৰোনা ভাইৰাছ ধৰা পৰাৰ বাবে গুৱাহাটীৰ পৰা ভিডিঅ’ কন্ফাৰেঞ্চৰ জৰিয়তে আলোচনা কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে













