![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,বোকাখাত:
সাম্প্ৰতিক বানত বিধ্বস্ত হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱকুল। বন্যাৰ্ত এটি গঁড়ে আশ্ৰয় বিচাৰি কাজিৰঙাৰ বান্দৰ ডুবিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় ল’লেহি যোৱা ১৭ জুলাইত।
বানত সাঁতুৰি অহা গঁড়টো প্ৰাপ্তবয়স্ক হোৱা হেতু অত্যন্ত ভাগৰুৱা আৰু দৃষ্টিশক্তিও দুৰ্বল বুলি সন্দেহ কৰা হৈছে যাৰ বাবে গঁড়টোৱে উদ্যানৰ মাজত বন্যজীৱই বানত আশ্ৰয় লবলৈ সাজি থোৱা হাইলেণ্ড বুলি ভুল কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ উঠি আহিছিল।
ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় লোৱা গঁড়টো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সম্পূৰ্ণ নিৰাপত্তাৰ মাজত ৰখাৰ লগতে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা আৰু খাদ্যৰ যোগানো ধৰা হয়। সম্প্ৰতি গঁড়ট সুস্থ হৈ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ উদ্যানখনলৈ গতি কৰিছে বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ পৰা জানিব পৰা গৈছে।












