![]()
লংকা :কিমান কু-মানসিকতা হʼলে যৌতুকৰ বাবে নিজ অন্তঃসত্বা পত্নীক বিহ পাণ কৰোৱাই হত্যা কৰাৰ চেষ্টা কৰিব পাৰে এজন স্বামীয়ে ।। তেনে এক অমানৱীয় জঘণ্য ঘটনা সংঘটিত হ’ল লংকাৰ নখুটীত ।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লংকাৰ উদালীৰ অয়েশা খাতুন নামৰ এগৰাকী যুৱতীক ডেৰ বছৰৰ পূৰ্বে নখুটীৰ ১নং স্বাৰ্থেবস্তিৰ ছয়দুৰ ৰহমান নামৰ যুৱকজনলৈ সামাজিক নীতি-নিয়ম অনুসৰি দিছিল বিয়া। বিয়াৰ পিছৰ পৰাই অয়েশা খাতুনৰ স্বামী ছয়দুৰ ৰহমান আৰু স্বামীৰ পৰিয়ালে অয়েশাক যৌতুক বিচাৰি চলাই গৈছিল শাৰীৰিক তথা মানসিক নিৰ্য্তন।
অয়েশাৰ ওপৰত নিৰ্য্তনৰ চুড়ান্ত সীমা পাৰ হৈ যোৱা ১৬ জুলাই তাৰিখে স্বামী আৰু স্বামীৰ পৰিয়ালে অয়েশাক বিহ পাণ কৰাই হত্যা কৰাৰ চেষ্টা চলায় । অয়েশাক বলপূৰ্বক ভাবে বিহ পাণ কৰোৱাই স্বামী ঘৰৰ বাহিৰত পেলাই থয়। পিছত উক্ত খবৰ অয়েশাৰ মাতৃ পৰিয়ালে অৱগত হৈ নখুটী আৰক্ষীৰ সহযোগত অয়েশাক নখুটীৰ এখন ঔষধৰ দোকানত প্ৰাথমিক চিকিৎসা কৰাৰ লগতে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ।
কিছু সুস্থ হোৱাৰ পিছত, অয়েশাই নখুটী আৰক্ষী থানাত স্বামী আৰু স্বামী পৰিয়ালৰ বিৰুদ্ধে দাখিল কৰে এক এজাহাৰ । যদিও আজি চাৰি দিন উকলি যোৱাৰ পিছতো অয়েশাই কোনো ন্যায় নাপাই বৰ্তমান কাষ চাপিছে সংবাদ মাধ্যমৰ। মাতৃ পৰিয়ালৰ সংবাদ মাধ্যমৰ জৰিয়তে দোষীয়ে উচিত শাস্তি, পোৱাৰ লগতে আয়েশা ন্যায় পোৱাৰ বাবে দাবী উত্থাপন কৰে ।
।













