![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ভাৰত ভূটান সীমান্তত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা নামি আহি অকাল মৃত্যুক সাৱটি লবলগীয়া হৈছে এটি বন্যহস্তীয়ে।যোৱা নিশা বৰনদী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত নামি আহিছিল এটি বৃহত বন্যহস্তীৰ জাক।উক্ত জাকটোৰ পৰা ফালৰি কাটি যোৱা এটি মাইকী বন্যহস্তীয়ে এডাল গছৰ পাত খাবলৈ ধৰা সময়তে উচ্ছ ক্ষমতা সম্পন্ন বিদ্যুত পৰিবাহী তাঁৰত হাতীটোৰ শুৰডাল লাগি যোৱাৰ ফলত ঘটনাস্থলিতে মৃত্যুমুখত পৰে৷
উল্লেখ্য যে সীমান্তৱৰ্তী অঞ্চলটোত দিনক দিনে বৃদ্ধি পাই আহিছে বন্যহস্তী আৰু মানুহৰ মাজত সংঘাট। অঞ্চলটোৰ গাওঁ সমুহত প্ৰায়ে বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি ঘৰ-দুৱাৰ ভাগি লণ্ড ভণ্ড কৰাৰ উপৰিও কৃষি ভূমিৰ শস্য খাই তহিলং কৰি আহিছে।যাৰ ফলত বহু সময়ত সমুখ সমৰত মানুহ আৰু বন্যহস্তী সংঘাটত লিপ্ত হৈ আহিছে।
সীমান্তৱৰ্তী লোকে জানিবলৈ দিয়া মতে নিশা বন্যহহস্তীৰ উপদ্ৰপৰ বিষয়ে বন বিভাগৰ লোকক অৱগত কৰিছিল যদিও সময়ত বিভাগৰ কোনো লোক ঘটনাস্হলীত উপস্থিত নহল।যাৰ বাবে গাঁওবাসীয়ে টৰ্চ লাইট,জুই শিখা আৰু ফটকা ফুটাই বন্যহস্তী খেদি পঠিওৱাৰ চেষ্টা অব্যাহত ৰাখিব লগীয়া হোৱাত ক্ষোভ প্ৰকাশ কৰে সীমান্তবাসীয়ে।













