
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাতৰ ৰজাবাৰীত থকা অসম গ্ৰামীণ বিকাশ বেংকৰ ৰজাবাৰী শাখাটো আজি দুমাহ ধৰি পৰিচালক নথকাকৈয়ে চলি আছে। বোকাখাতৰ পৰা নুমলীগড়ৰ মাজত থকা একমাত্ৰ এই বেংকৰ শাখাটোৱে এটা বৃহৎ অঞ্চলৰ ব্যৱসায়, চাকৰিয়ালৰ দৰমহা, চৰকাৰী অনুদানৰ লগতে থলুৱা ব্যৱসায়ী, কৃষকৰ লেনদেনৰ বাবে সদায় জনসমাগম হৈ থকা শাখা। লকডাউনৰ মাজতে শাখা পৰিচালকজনৰ বদলি হোৱাৰ পাছত বৰ্তমান এই শাখাটোলৈ বদলি হোৱা পৰিচালকজনে অদ্যপি কৰ্মস্থানত যোগদান কৰা নাই। আগৰ পৰিচালকজনে নতুনকৈ শাখাটোত যোগদান কৰা এগৰাকী বিষয়াক দায়িত্ব অৰ্পণ কৰি থৈ যায়। এই বিষয়াগৰাকী নতুন হোৱা হেতুকে বেংকৰ বহুত কাম জনা হোৱা নাই।
আনহাতে, ঋণ প্ৰদান বা আন বিত্তীয় বিষয়ক কাম-কাজ স্থায়ী পৰিচালক নথকাৰ কাৰণে গ্ৰাহক সুবিধাৰ সন্মুখীন হৈছে। আনহাতে, শাখাটোত প্ৰয়োজনীয়তকৈ বহু কম কৰ্মচাৰীৰ জড়িয়তে চলি আছে। যি কেইজন কৰ্মচাৰী আছে সেই কেইজনে গ্ৰাহকৰ সকলো কাম কৰিব পৰাটো সম্ভৱ নহয়। বৰ্তমান শাখাটোৰ আন্তঃগাঁথনি মুঠেই সন্তোষজনক নহয়। ৰাষ্ট্ৰীয়কৃত বেংক হিচাপে থাকিবলগীয়া সা-সুবিধা শাখাটোত নাই। যোৱা পোন্ধৰ বছৰে পূৰণ কৰা হোৱা নাই স্থায়ী পিয়নৰ পদ।
বৰ্তমান শাখাটোত মাত্ৰ দুজন কৰ্মচাৰীৰ এজন নৱ-নিযুক্ত বিষয়া আৰু এজন কেচিয়াৰ। এনে অৱস্থাত মাহিলী দৰমহা, দৈনিক লেনদন, আত্মসহায়ক গোটৰ কামকাজ, ঋণ পৰিশোধৰ হিচাপ নিকাচ, গ্ৰাহকৰ প্ৰয়োজনীয় নথি-পত্ৰ আদিৰ কামত অতি অৰাজক এটা অৱস্থাৰ সৃষ্টি হৈছে। সেয়ে গ্ৰাহকসকলে অনতিপলমে পৰিচালক আৰু অতিৰিক্ত কৰ্মচাৰী নিয়োগ কৰিবলৈ উৰ্ধতন কৰ্তৃপক্ষক দাবী জনাইছে।













