
ডিফু : অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি (১৯৩৭ চনৰ গুৱাহটী অধিৱেশনৰ), গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য প্ৰাচ্য বিদ্যাৰ্ণব কৃষ্ণকান্ত সন্দিকৈদেবৰ ১২৩তম জন্ম জয়ন্তীত আজি ৰাংছিনা ভৱনত শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়।

তেখেতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ডিফু সাহিত্য সভাৰ সভাপতি শ্ৰীযুত অজিত ছিংনাৰ দেবে, মাল্যাপণ কৰে ৰাংছিনা ভৱনৰ সম্পাদক শ্ৰীযুত জয়ছিং টকবী দেবে আৰু সভাখনিৰ আঁত ধৰে অসম সাহিত্য সভাৰ ক্ষুদ্ৰ আলোচনী ইত্যাদিৰ আহ্বায়ক ডাঃ ব্ৰহ্মানন্দ বৰা দেৱে। সভাখনত অসম সাহিত্য সভাৰ কেইবাগৰাকী বৰ্তমান আৰু প্ৰাক্তন সদস্যৰ লগতে ডিফু সাহিত্য সভাৰ সদস্যসকল উপস্থিত থাকে।













