![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি মৰিগাঁওত পানীত পৰি মৃত্যু হয় এগৰাকী ছাত্ৰৰ৷ বিয়লি ছাত্ৰ জনে পানীত পৰি মৃত্যুক সাবটি লব লগা ঘটনাই সমগ্ৰ অঞ্চলটোতে এক শোকৰ ছাঁ বিয়পি পৰে ৷ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে সাপমাৰী গাঁৱৰ অমিয় কুমাৰ নাথ আৰু বীভা দেৱীৰ পুত্ৰ বিকাশ কুমাৰ নাথে(১৯) নিজৰ ঘৰৰে এটা পুখুৰীত কেইটামান হাঁহৰ পোৱালি এৰি দি পুখুৰীৰ পাৰতে ৰৈ থকা অৱস্থাত হঠাৎ অতি দ পুখুৰীতোত পিছলি পৰি যায় ছাত্র জন ৷ পৰিয়ালৰ মানুহে বহু পলমকৈ পানীত পৰা বুলি গম পাই ততাতৈয়াকৈ বিকাশক পুখুৰীৰ পৰা উদ্ধাৰ কৰি মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে ইতিমধ্যে ছাত্ৰ জন মৃত বুলি ঘোষণা কৰে ৷













