![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
পুনৰ ক’ভিডত মৃত্যু অসম আৰক্ষীৰ এজন জোৱান।অসম আৰক্ষীৰ ৯ নং বেটেলিয়ানৰ নায়ক ৰাজেশ নাৰ্জাৰীৰ কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন অৱস্হাত মৃত্যু ঘটে ।জানিব পৰা মতে ক’ৰোনাত আক্ৰান্ত হৈ বিগত কেইবাদিনো ধৰি চিকিৎসাধীন হৈ আছিল নাৰ্জাৰী।নাৰ্জাৰীৰ মৃত্যুত অসম আৰক্ষীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

কোকৰাঝাৰ জিলাৰ নিৱাসী ৰাজেশ নাৰ্জাৰীৰ ১৯৭৬ চনত জন্ম । ১৯৯৫ চনত তেওঁ নৱম অসম আৰক্ষী বেটেলিয়ানত জোৱান হিচাপে চাকৰিত যোগদান কৰিছিল । বেটেলিয়ানটোৰ মুখ্য কাৰ্যালয় নগাঁও জিলাৰ বঢ়মপুৰত যদিও নাৰ্জাৰী বেটেলিয়ানটোৰ ৮ নং প্লাটুনৰ সদস্য হিচাপে বিগত চাৰি বছৰ ধৰি গুৱাহাটী আৰক্ষী নিৱেশত আছিল।
তেওঁ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ দলত আছিল। আৰক্ষী জোৱানজনৰ দেহত ৪ জুনত ক’ভিড পজিটিভ চিনাক্ত হয় আৰু সেইদিনা গুৱাহাটী খানাপাৰাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰিছিল।তেওঁৰ ৰোগ বেছি হোৱাত ৯ জুলাইত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বেটেলিয়ান জনৰ মৃত্যুত বঢ়মপুৰত থকা ৯ নং বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ত শোকৰ ছাঁ পৰিছে।
আজি বঢ়মপুৰত ৯ নং বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ত ৰাজেশ নাৰ্জাৰীৰ ফটোত অধিনায়কসহ শ্ৰদ্ধাঞ্জলি জনায় সহকৰ্মী সকলে । উল্লেখযোগ্য যে,৮৬৯গৰাকী অসম আৰক্ষীৰ লোক দেওবাৰলৈকে ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।ইয়াৰে ৪৮৪গৰাকীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰিছে।আৰোগ্য লাভ কৰাসকলৰ ৫০গৰাকীয়ে ইতিমধ্যে কৰ্তব্যত পুনৰ যোগ দিছে।













