![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
পৰিকল্পনা বিহীন ভাৱে ৰাইজৰ ধনৰ অপব্যয় কৰিছে সোণোৱাল চৰকাৰে।জাপানৰ প্রধানমন্ত্ৰীক দেখাব বাবে স্থাপন কৰা গুৱাহাটী লাচিত ঘাটৰ আদৰ্শ গাঁও বানৰ কবলত জহি-খহি গৈছে-এই গুৰুত্বৰ অভিযোগ আছু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা সদৌ গুৱাহাটী ছাত্ৰ সন্থা নেতা সীমান্ত ঠাকুৰীয়া।
চৰকাৰে পূৰ্বে পৰিকল্পনা বিহীন ভাৱে আদৰ্শ গাঁৱৰ উন্নয়নৰ কাম কৰিছিল।যাৰ বাবে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দলং নিৰ্মাণৰ বাবে পুনৰ আদৰ্শ গাঁওখন ধ্বংস কৰিব লগা হৈছে-ঠাকুৰীয়াই লগতে কয়।চৰকাৰৰ এইধৰণৰ পৰিকল্পনা বিহীন কাম-কাজৰ পৰা অসমৰ ৰাইজৰ কোনো ধৰণৰ উপকাৰ হোৱা নাই লগতে তেওঁ কয়।
অসমৰ জনতা আজি বানপানীত হাহাকাৰ কৰি থাকিব লগা হৈছে।তেনে ক্ষেত্ৰত কেন্দ্ৰ ওচৰত ৰাজ্য চৰকাৰে দাবী কৰিব পৰা নাই সাহায্য বিচাৰি।লগতে কোনো পুঁজি আনিব পৰা বন্যাতক সহায় কৰা বাবে।ইয়াতকৈ আৰু দুখৰ কথা কি হব পাৰে- ঠাকুৰীয়াই লগতে কয়।
ইফালে বন্যাতক সহায়ৰ বাবে আগবাঢ়ি আহিছে সদৌ গুৱাহাটী ছাত্ৰ সন্থা।আছুৰ মুখ্য কাৰ্যলয়ত বানাক্ৰান্তক সহায় কৰাৰ বাবে মুকলি কৰিছে বানপানী সাহায্য সংগ্ৰহ কেন্দ্ৰ।













