![]()
নিউজ ডেক্স:
বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌদিশে এতিয়া বানৰ বিভীষিকা। উদ্যানখনৰ বন্যপ্ৰাণীসমূহ সুৰক্ষাৰ স্বাৰ্থত কাৰ্বি পাহাৰৰ প্ৰস্তাৱিত উত্তৰ কাৰ্বি আংলং বন্যপ্ৰাণী অভয়াৰণ্যৰ ৬৫ বৰ্গকিলোমিটাৰ অঞ্চল ৰাষ্ট্ৰীয় উদ্যানখনত অন্তৰ্ভুক্ত কৰিবৰ বাবে গোলাঘাট জিলাৰ উপায়ুক্ত বিভাস চন্দ্ৰ মোদীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ মঙলবাৰে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷
লগতে চৰকাৰে তেজপুৰৰ ফ’ৰলেনযুক্ত হাইৱে’ৰ কাম ক্ষীপ্ৰতাৰে সম্পন্ন কৰি নুমলীগড়লৈ সম্পূৰ্ণ কৰিলে বানৰ সময়ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথটো বোকাখাতৰ পৰা বন্ধ কৰি বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে হাইলেণ্ড হিচাপে ব্যৱহাৰ কৰিব পাৰিব। তেনে কৰিলেও ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীসমূহ বহু পৰিমাণে সুৰক্ষিত হোৱাত সহায়ক হ’ব।
এইক্ষেত্ৰত মুখ্যমন্ত্ৰীক বিষয়টো বিবেচনা কৰিবলৈ স্মাৰকপত্ৰখনৰ জৰিয়তে আহ্বান জনায়৷ উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে উদ্যানখনৰ ৯০শতাংশ বিস্তৃত অঞ্চল জলমগ্ন কৰি তোলাৰ ফলত উদ্যানখনৰ বন্যপ্ৰাণী মৃত্যুমুখত পৰিছে। বানত ইতিমধ্যে ১১টা গঁড়কে ধৰি বনৰীয়া ম’হ, গাহৰি, হৰিণা, কেটেলা পহু আদি শতাধিক বন্যপ্ৰাণী মৃত্যুমুখত পৰিছে৷
বিগত একদশক ধৰি প্ৰতিবছৰে ৰাষ্ট্ৰীয় উদ্যানখন বানৰ কৱলত পৰাৰ ফলত উদ্যানখনৰ বন্যপ্ৰাণীবোৰৰ আলাই-আথানি হৈ আহিছে৷ কাজিৰঙাৰ বিস্তৃত অঞ্চলসমূহত পূৰ্বতে সাম্প্ৰতিক সময়ৰ দৰে প্ৰতিবছৰে প্ৰলয়ংকৰী বানপানী হোৱা দেখিবলৈ পোৱা নগৈছিল৷ বিগত কিছুবছৰৰ পূৰ্বে কাজিৰঙাত বানপানী ৪-৫ বছৰৰ মূৰে মূৰে এবাৰহে হোৱা দেখা গৈছিল৷
ইয়াৰে ভিতৰত ১৯৯৮ চনৰ বানপানী উল্লেখযোগ্য৷ শেহতীয়াকৈ ২০১৮ চনক বাদ দি প্ৰতিবছৰে হোৱা প্ৰলয়ংকৰী বানত উদ্যানখনৰ বিস্তৰ ক্ষতিসাধন হৈ আহিছে৷ বছৰি হোৱা বানত উদ্যানখনৰ লগতে বন্যপ্ৰাণীসমূহ ক্ৰমান্বয়ে নিঃশেষ হোৱাৰ উপক্ৰম ঘটিছে। ইফালে এনেদৰে প্ৰতিবছৰে হোৱা বানত উদ্যানখনৰ বন্যপ্ৰাণী বাঘ্ৰ প্ৰকল্প নাইকীয়া হৈ পৰিব৷
সেইবাবে কাৰ্বি পাহাৰৰ প্ৰস্তাৱিত উত্তৰ কাৰ্বি পাহাৰ অভয়াৰণ্যৰ বিস্তৃত অঞ্চল ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্ভুক্ত হ’লে বানৰ সময়ত উদ্যানখনৰ বন্যপ্ৰাণীসমূহ বহু পৰিমাণে ৰক্ষা পৰিব।
কিয়নো বানপানীৰ সময়ত কাৰ্বি পাহাৰৰ বাবে বন্যপ্ৰাণীসমূহ সুৰক্ষিত হৈ আহিছে। বিভিন্নসময়ত একাংশ অসাধু ব্যক্তিয়ে ইয়াৰ সুযোগ গ্ৰহণ কৰি হৰিণাকে ধৰি একাংশ ব্ন্যপ্ৰাণী হত্যা কৰি আহিছে। ইফালে বন বিভাগে চিহ্নিত কৰা কৰিডৰসমূহত হোটেল, ধাবা, বাসগৃহ নিৰ্মাণ কৰি বন্যপ্ৰাণী আহ-যাহত বাধাৰ সৃষ্টি কৰি আহিছে৷ এইক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা আছে৷













