![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাষ্ট্ৰীয় ঘাইপথত আজি বহুদিনৰ পৰা গাড়ী ৰখাই লুট পাত কৰি সন্ত্ৰাস চলোৱা তিনি দুৰ্ধৰ্ষ ডকাইতক আজি জোনাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, আৰক্ষীয়ে জোনাইৰ লাইমেকুৰীৰ পৰা গ্ৰেপ্তাৰ কৰা ডকাইত তিনিজন ক্ৰমে ক্ৰমে নৱ মিছং (২২) পিতা মিলেশ্বৰ মিছং, ধনেশ কুলি(২১) পিতা বিলাপচন কুলি, ৰঞ্জিত দলে (১৮) পিতা বন্দেশ্বৰ দলে৷
উল্লেখযোগ্য যে যোৱা ১৮ জুলাই শনিবাৰে নিশা প্ৰায় ১১.৪৫ বজাত এজন ব্যক্তিয়ে নিজা গাড়ীৰে জোনাইৰ পৰা লাইমেকুৰী ঘৰলৈ আহি থকা সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ লাইমেকুী টাক দলুঙৰ সমীত গছৰ ডাল পৰি থকা দেখি গাড়ীৰ পৰা নামি গছৰ ডালসমূহ আতঁৰাবলৈ যাওঁতে পিছপালৰ দা দেখুৱাই লুট কৰিব চেষ্টা চলাই।
কিন্ত ব্যক্তি জনে কোনোমতে ডকাইতৰ দলটোৰ পৰা হাত সাৰি গাড়ীত উঠি পলাবলৈ লওঁতে দুৰ্ধৰ্ষ ডকাইতৰ ১০-১৫ জনীয়া এটা দলে ব্যক্তি জনৰ গাড়ীখন আক্ৰমণ কৰে। উক্ত ব্যক্তিজনে পিছদিনা জোনাইৰ আৰক্ষী থানাত ঘটনাৰ বিষয়ে এজাহাৰ দাখিল কৰাত জোনাই আৰক্ষী থানাৰ বিষয়াৰ নেতৃত্বত অভিযান চলাই আজি ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতৰ দলটোৰ তিনিজনক আটক কৰিবলৈ সক্ষম হয়৷













