![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
বুধবাৰৰ পৰা অসমত বন্ধ হ’ব আন্তঃজিলা যাতায়াত ব্যৱস্থা। তাৰ মাজতেই উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰাজ্যত বন্ধ ৰাখিব আন্তঃজিলা ৰে’ল সেৱা। অহা ২ আগষ্টলৈ ৰে’লসেৱা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও আন্তঃৰাজ্যিক ৰে’লসেৱা অব্যাহত থাকিব বুলি জনাইছে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নিপেন ভট্টাচাৰ্যই।
ইতিমধ্যেই গুৱাহাটীৰ পৰা দিল্লীলৈ চলাচল কৰি আছে ৰাজধানী এক্সপ্ৰেছ, ব্ৰহ্মপুত্ৰ মেইল আৰু গুৱাহাটীৰ পৰা মুম্বাইলৈ চলি আছে লোকমান্য তিলক এক্সপ্ৰেছ। ঠিক তেনেকৈ এই তিনিখন ৰে’ল দিল্লী আৰু মুম্বাইৰ পৰা গুৱাহাটী হৈ ডিব্ৰুগড়লৈ চলি আছে। এই ৰে’লেৰে বহিঃৰাজ্যৰ পৰা অহা ৰে’ল যাত্ৰীসকলে নিজ নিজ জিলালৈ যোৱাত কোনো অসুবিধা নহ’ব বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে।













