![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,নগাঁও:
ভয়ংকৰ গণসংক্ৰমনৰ দিশে অগ্ৰসৰ হৈছে নগাঁও জিলা। যাক লৈ এতিয়া আতংকিত হৈ পৰিছে জিলাবাসী। আজি নতুনকৈ জিলা খনত ৪৪ গৰাকী লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰিছে স্বাস্থ্য বিভাগে। ইয়াকে লৈ জিলা খনত ক’ৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১২৯৩ জনলৈ বৃদ্ধি পাইছে।
আজি ক’ৰোনাত আক্ৰান্তসকলৰ ভিতৰত অন্যতম হৈছে স্বাস্থ্য বিভাগৰ ঘুৰি বটা ধৰোতা নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰী গোলাপ হাজৰিকা আৰু নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ চাৰি জন হাজোতী। যোৱা কালিৰ ধৰে নগাঁও স্বাস্থ্য বিভাগে আজিও নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ ৫৮জন কয়দী আৰু হাজোতীৰ ৰেপিড এন্টিজেন টেষ্ট কৰাইছিল।
এই পৰীক্ষাত চাৰিজন হাজোতী ক’ৰোনাত আক্ৰান্ত হোৱা বুলি নিশ্চিত হৈছে। এই চাৰিজন আক্ৰান্তকলৈ নগাঁও কেন্দ্ৰীয় কাৰাগাৰত এগৰাকী চিকিৎসকৰ সৈতে ক’ৰোনাত আক্ৰান্ত কয়দী আৰু হাজোতীৰ সংখ্যা ৫৯ জনলৈ বৃদ্ধি পালে। উল্লেখ্য যে, কালি এই কাৰাগাৰ খনৰ ৪৮ গৰাকী কয়দী আৰু হাজোতী কভিড-১৯ত আক্ৰান্ত হৈছিল।
সম্প্ৰতি এই আক্ৰান্ত সকলক নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ আছুতীয়া কক্ষত চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছে। নগাঁও কেন্দ্ৰীয় কাৰাগাৰত হাজোতী আৰু কয়েদীৰ মাজত ৰেপিড ষ্টেট এন্টিজেন্টৰ জৰিয়তে পৰীক্ষা অব্যাহত থাকিব। ইপিনে আজি আক্ৰান্ত হোজাতী চাৰিজনৰ বাহিৰে আটাইকে জিলা খনৰ বিভিন্ন ক’ভিড হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ।













