![]()
অজন্তা তালুকদাৰ :
বোকাখাত: সম্প্ৰতি বানৰ প্ৰকোপ শেষ নৌহওঁতেই ৰাজ্যত পুণৰ বানৰ আশংকা। জল আয়োগৰ তথ্যত যথেষ্ট বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ আৰু ক্ৰমাৎ বাঢ়ি আছে বুলি জানিব পৰা গৈছে। কেন্দ্ৰীয় জল আয়োগৰ আজি পুৱাৰ তথ্য মতে উজনিৰ অৰুণাচলৰ ইংকিয়ঙত ব্ৰহ্মপুত্ৰ নদী জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাইছে ৷ যাৰ বাবে নামনিৰ সকলোতে বহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ সম্ভাৱনা আছে ৷
যোৱা নিশা ইংকিয়ঙত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ০.৬১ মিটাৰ বৃদ্ধি পোৱা বুলি কেন্দ্ৰীয় জল আয়োগৰ তথ্যত প্ৰকাশ ৷ পাচিঘাটত যোৱা নিশা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ধীৰ গতিত নিম্নগামী হৈছিল যদিও বিয়লি পৰ্যন্ত পানী বৃদ্ধি পাই আছে ৷ যোৱা নিশাৰ ভিতৰত পাচিঘাটত জলপৃষ্ঠ ০.০৩ মিটাৰ হ্ৰাস পাইছিল ৷
ডিব্ৰুগড়তো জলপৃষ্ঠ নিম্নগামী হৈছে যদিও আজি পুৱাৰে পৰা পুনৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ ডিব্ৰুগড়ত নিশা জলপৃষ্ঠ ০.০৬ মিটাৰ কমিছিল যদিও আজি পুৱাৰে পৰা পুনৰ বৃদ্ধি হৈছে জলপৃষ্ঠ ৷ আজি দিনৰ ভাগত ডিব্ৰুগড়ত পানী বাঢ়ি আছে ৷ নিশালৈ আৰু বৃদ্ধিৰ সম্ভাৱনা আছে ৷
নিমাতীঘাটত যোৱা নিশাৰ ভিতৰত জলপৃষ্ঠ ০.১০ মিটাৰ বৃদ্ধি পাইছে আৰু পানী বাঢ়ি আছে। ইফালে ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ নিশাৰ ভিতৰত ০.২৫ মিটাৰ বৃদ্ধি পাইছে আৰু পানী বাঢ়ি আছে ৷ আজি দিনৰ ভাগতো পানী বাঢ়ি থকাৰ বাতৰি আহিছে।মন কৰিব লগীয়া যে পাচিঘাট , ডিব্ৰুগড়, নিমাতীঘাট আৰু ধনশিৰিমুখত বিপদসীমাৰ ওপৰতে আছে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ৷
বোকাখাতত ক্ষেত্ৰ পৰিদৰ্শন প্ৰতিবেদন অনুসৰি বোকাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত ৫৭খন গাও বানপানীৰ কবলত পৰিছে। ইয়াৰে মহুৰা মৌজাৰ ১৫ খন, বোকাখাত মৌজাৰ ১৩ খন আৰু কাজিৰঙা মৌজাৰ ২৯ খন গাওঁ বৰ্তমানো বানৰ কৱলত পৰি আছে। ক্ষতিগ্ৰস্ত কৃষি এলেকা প্ৰায় ১৩৭৫ হেক্টৰ । বৰ্তমানলৈকে বানত প্ৰভাৱিত জনসংখা প্ৰায় ৭০৩০০ এই ক্ষেত্ৰত সমীক্ষা চলাই থকা হৈছে আৰু পৰবৰ্তী প্ৰতিবেদনত এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । আনহাতে বানাক্ৰান্তলৈ বিতৰণ কৰা হৈছে বান সাহাৰ্য। ২০ টা চিকিৎসা শিবিৰ স্থাপন কৰাৰ লগতে ৪ টা পশু চিকিৎসা শিবিৰো স্থাপন কৰা হৈছে।
বোকাখাতত কিছু পৰিমাণে বানপানীৰ মাত্ৰা কমিছে যদিও খাৰ পানীয়ে মাৰি পেলাইছে ঘাঁহ বন, যাৰ ফলত পশুধনৰ বাবে ভীষণ নাটনি হৈছে আহাৰ। আনহাতে এই অঞ্চল সমূহত গৰু ছাগলী হাহঁ কুকুৰা অচিন ৰোগত আক্রান্ত হোৱা দেখা পোৱা গৈছে। একেবাৰে অস্বাস্থ্যকৰ পৰিবেশ বিৰাজমান হৈছে বোকাখাতৰ বানাক্ৰান্ত অঞ্চলত।













