![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই বুধবাৰে অসমৰ বান সমস্যাক লৈ কেন্দ্ৰৰ গুৰুত্বহীনতা আৰু ৰাজ্যৰ সোণোৱাল চৰকাৰৰ মৌনতা প্ৰসংগ কৰি সম্বোধন কৰা সংবাদমেলক উভতি ধৰিলে অসম প্ৰদেশ বিজেপিয়ে।বৃহস্পতিবাৰে ৰাজ্যিক বিজেপি কার্যলয়ত এক সংবাদমেল সম্বোধন কৰি বিজেপি মুখাপাত্ৰ ৰূপম গোস্বামীয়ে কয় “ৰিপুন বৰাই ভুল তথ্য দাঙি ধৰিছে অসমৰ ৰাইজক।হয় তেওঁ নাজানে নহয় তেওঁক ভুলকৈ তথ্য যোগান ধৰিছে”।
কেন্দ্ৰৰ এনডিএ চৰকাৰে অসমৰ বানপানীৰ বাবে ইউপিএ চৰকাৰত কৈ বহুত বেছি পুঁজি মুকলি কৰি দিছে। তেওঁ কয় ইউপিএ চৰকাৰৰ দিনত ২০০৪-০৯ চনলৈ ১২০৯ কোটি আৰু ২০০৯-১৪ চনলৈ ১২১১কোটি এছডিআৰএফ শিতানত পুঁজি মুকলি কৰি দিছিল।কিন্তু ২০১৪-২০লৈ এনডিএ অসমৰ বান সমস্যাৰ বাবে এছডিআৰএফ শিতানত প্ৰায় ২৪হাজাৰ কোটি টকা মুকলি কৰি দিছে।
ৰিপুন বৰাই এটা কথা নাজানে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ ধন কেনেদৰে বিতৰণ কৰা হয়।ইউ পি এ চৰকাৰৰ দিনত তিনিবাৰ এন ডি আৰ এফৰ পুঁজি আহিছিল।যেতিয়া এনডিআৰএফ পুঁজি শেষ হয় তেতিয়া এছ ডি আৰ এফ পুঁজি দিয়া হয়-গোস্বামীয়ে কয়।
কংগ্ৰেছ চৰকাৰৰ ১৫বছৰৰ শাসনৰ সময়ত কেন্দ্ৰৰ পৰা অসমৰ বানপানীৰ সময়ত পুঁজি আহিছিল প্ৰতি বছৰে ২৪৭ কোটি টকা।কিন্তু বিজেপিৰ চাৰি বছৰৰ শাসনৰ সময়ত কেন্দ্ৰৰ পৰা পুঁজি লাভ কৰিছে ২২৮৯ কোটি টকা- মুখপাত্ৰ গৰাকীয়ে কয়।
আনহাতে চলিত বৰ্ষত ৩ এপ্ৰিলত প্ৰথম কৃষ্টি হিচাপে ৩৮৬ কোটি টকা অসম চৰকাৰে লাভ কৰিছে।দ্বিতীয় পৰ্যায়ৰ কৃষ্টি বাবে ইতিমধ্যে প্ৰক্ৰিয়া সম্পূৰ্ন হৈছে।চলিত বিত্ত বৰ্ষত ৮৫৮কোটি টকা ধাৰ্য কৰা হৈছে।













