![]()
অজন্তা তালুকদাৰ:
বোকাখাত : শেহতীয়াকৈ বোকাখাতত মহকুমা প্ৰশাসনৰ উদ্যোগত অতি ক্ষীপ্ৰভাৱে এলানি ক’ৰোনা প্ৰতিৰোধক সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ সময়তে আজি বোকাখাতত ৯ জনকৈ লোক ক’ৰোনাক্ৰান্ত হোৱাৰ খবৰে মহকুমা ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে।
আজি মহকুমা প্ৰশাসনৰ পৰা প্ৰাপ্ত তথ্য মতে বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা কোৱাৰেণ্টাইন কেন্দ্ৰত ভানু মুণ্ডা, গণেশ মুণ্ডা আৰু ৰঞ্জিত মুণ্ডা, বোকাখাত হিন্দী হাইস্কুলৰ তেজু ছেত্ৰী, কাজিৰঙাৰ ডি ক’ৰ্টয়াৰ্ড ৰিজৰ্টৰ ৰশ্মি গগৈ, বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ কাঞ্চন শৰ্মাৰ লগতে হোম কোৱাৰেণ্টাইনত হৈ থকা বোকাখাত মিলনপুৰৰ মনিষ কুমাৰ তিৱাৰী, বোকাখাত কৰৈআটি গাঁৱৰ দিব্য শইকীয়া আৰু বোকাখাত দলামৰাৰ সম্বীৰ সিঙৰ কভিড-১৯ৰ নমুনা পৰীক্ষাত ফলাফল পজিটিভ ধৰা পৰিছে।
ইতিমধ্যে মিলন তিৱাৰী, দিব্য শইকীয়া আৰু সম্বিৰ সিঙক কঁহৰাস্থিত শ্বহীদ বেজা বাউৰী কাজিৰঙা আদৰ্শ চিকিৎসালয়ত থকা কভিড চিকিৎসালয়লৈ আৰু বাকী সকলক বোকাখাত মিলনপুৰৰ নাৰ্চিং স্কুলত নতুনকৈ আৰম্ভ কৰা কভিড চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে আজি কভিড পজিটিভ চিনাক্ত হোৱা মনিষ তিৱাৰী আৰু দিব্য শইকীয়াৰ ৰেপিড এণ্টিজেন পৰীক্ষাত ধৰা পৰাৰ বিপৰীতে বাকী আটাইকেইজন আক্ৰান্ত নেপাল, বাংগালোৰ, পুনে আৰু উত্তৰ প্ৰদেশৰ পৰা অহা আৰু ১৯ বছৰৰ পৰা ৪৫ বছৰৰ ভিতৰত।
বৰ্তমানলৈকে বোকাখাত মহকুমাত সৰ্বমুঠ ১৩৬ টা কভিড পজিটিভ কেচ ধৰা পৰিছে। তিৱাৰী, দিব্য শইকীয়া আৰু সম্বিত সিঙৰ বোকাখাতৰ বাসগৃহ ইতিমধ্যে কণ্টেণ্টমেণ্ট জ’ন কৰি দিয়া হৈছে আৰু দিব্য শইকীয়াই অলপ দিনৰ আগতে বোকাখাতৰ সাপজুৰিত থকা তেওঁৰ সম্বন্ধীয়ৰ ঘৰত থাকি অহাৰ বাবে সাপজুৰিৰ তিনিওঘৰকে কণ্টেণ্টমেণ্ট জ’ন কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে।













