![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও: নগাঁও চহৰৰ ধিং ৰোড নিবাসী প্ৰতিষ্ঠিত ব্যৱসায়ী হাজী আয়ুব আলীৰ কালি সন্ধ্যা গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ। তেওঁ দীৰ্ঘদিন মধুমেহকে ধৰি বিভিন্ন বেমাৰত আক্ৰান্ত হৈ আছিল।
তেওঁৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত পাঁচ দিন পূৰ্বে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসাধীন হৈ থকাৰ মাজতে তেওঁৰ স্বাৱৰ নমুনা পৰীক্ষা কৰাত তেওঁৰ কডিড-১৯ পজিটিভ ধৰা পৰে। জিলাখনৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত মাহগুৰি গাঁৱত জন্ম গ্ৰহণ কৰা আয়ুব আলীৰ ব্যৱসায় সুত্ৰে নগাঁও চহৰৰ ধিং ৰোডত পৰিয়াল সহ স্থায়ীভাৱে বসবাস কৰিবলৈ লয়।
তাতে তেওঁ বিভিন্ন সামাজিক আৰু ধৰ্মীয় কাম কাজৰ লগত জৰিত হৈ আছিল। প্ৰয়াত আলীয়ে মোল্লাপট্টি হাজী আয়ুব আলী হাইস্কুলত মাটি দান কৰাৰ লগতে মৃত্যুৰ আগ মুহূৰ্তলৈকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আছিল। তদুপৰি ধিং গেট জামে মছজিদৰ সভাপতিৰ ওপৰিও বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জৰিত হৈ সমাজ সেৱাত ব্ৰতী আছিল।
কালি নিশা ৩:৩০ বজাত স্বাস্থ্য বিধি অনুসৰি তেওঁৰ জন্মস্থান মাহগুৰিত মৃতদেহ কবৰস্থ কৰা হয়। মৃত্যুৰ সময়ত তেওঁ পত্নী, সাত পুত্ৰ আৰু ৮ গৰাকী কন্যাসহ নাতি-নাতিনী আৰু ভালেসংখ্যক আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়।













