![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও: আজি নগাওঁ জিলাত নতুনকৈ ৬২ জন লোক ক’ৰোনাত আক্রান্ত হৈছে। আজি বিয়লি তিনি বজা পৰ্যন্ত জিলা খনত কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৩৯৫ জনলৈ বৃদ্ধি পায়। আজি কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা সকলৰ ভিতৰত অধিকাংশ লোকৰেই নাই কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত ।
আজি ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে চিনাক্ত কৰা হয় ৩১গৰাকী ক’ভিড পজিটিভ। এওঁলোকৰ ভিতৰত আছে নগাঁৱৰ ম’হখুলি আৰৱান হেল্থ চেন্টাৰৰ নাৰ্ছ অৰ্চনা নাথ, ম’হখুলি মাতৃ আৰু শিশু চিকিৎসালয়ৰ শিশু আই চি ইউত কৰ্মৰত ৱাৰ্ড গাৰ্ল জুৱেদা বেগম আৰু নগাঁও পুলিচ ৰিজাৰ্ভৰ আৰক্ষী কণিষ্টবল ধনঞ্জয় ৰয়।
আজি আক্রান্ত হোৱা সকলৰ ভিতৰত ম’হখুলি আৰৱান হেল্থ চেন্টাৰৰ নাৰ্ছ গৰাকী আৰু ম’হখুলি মাতৃ আৰু শিশু চিকিৎসালয়ৰ আই চি ইউ কক্ষত কৰ্তব্যৰত ৱাৰ্ড গাৰ্ল গৰাকীৰ ৰেপিড এন্টিজেন টেষ্টত তেওঁ লোক ক’ভিড-১৯পজিটিভত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাত এতিয়া নগাঁও জিলা স্বাস্থ্য বিভাগত হাঁহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।
ম’হখুলি মাতৃ আৰু শিশু চিকিৎসালয়ৰ আই চি ইউত কৰ্মৰত ৱাৰ্ড গাৰ্ল গৰাকীৰ দেহত ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰাত তাত ভৰ্তি হৈ চিকিৎসা গ্ৰহণ কৰা শিশু আৰু শিশুৰ অভিভাৱক সকল আতংকিত হৈ পৰিছে।
ইপিনে,নগাঁও চহৰৰ মিছন মাৰ্কেটত ঔষধৰ বিপণী সুৰক্ষা মেডিশ্বপৰ এজন চেলছমেন কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পাছত যোৱা কালিও তাৰ কাষতে অৱস্থিত বৰোদা মেডিকেলৰ দুই কৰ্মচাৰীৰ দেহটো ক’ভিড পজিটিভ ৰ অৱস্হিতি ধৰা পৰিছে ।













