![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাওঁ : নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত কালি নিশা এগৰাকী অচিনাক্ত মহিলাৰ মৃত্যু হয়। জানিব পৰা মতে প্ৰায় ৫০ বছৰীয়া এই মহিলাগৰাকীক অসুস্থ অৱস্থাত ১০৮ এম্বুলেন্স সেৱাই আনি ২৬ জুনত চিকিৎসালয়খনত ভৰ্তি কৰাইছিল। পুষ্টিহীনতাত ভোগা এই মহিলা গৰাকীৰ কালি নিশা চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। মহিলা গৰাকীৰ কোনো পৰিচয় লাভ কৰিব পৰা হোৱা নাই।













