![]()
নিউজ ডেস্ক:
তেজপুৰত সংঘটিত হৈছে মহাভাৰতৰ কৰ্ণৰ দৰে এক ঘটনা। বাৰিষাৰ পানীৰে উপচি থকা মৰাভৰলীৰ পাৰত উদ্ধাৰ হয় এটি দেৱশিশু। এজন মাছমৰীয়াই উদ্ধাৰ কৰে এই নৱজাতকটি। বৃহস্পতিবাৰে নিশা নৈত মাছ মাৰিবলৈ গৈ শুকুৰ আলী নামৰ মাছমৰীয়াজনে মৰাভৰলীৰ পাৰত নৱজাতকটি প্ৰত্যক্ষ কৰে।
তেজপুৰৰ জাহাজডুবাৰ শুকুৰ আলীয়ে লগে লগে শিশুকন্যাটি উদ্ধাৰ কৰি নিজৰ ঘৰলৈ লৈ আহে।বৰ্তমান কন্যা শিশুটি শুকুৰ আলীৰ ঘৰতে আছে আৰু তেওঁ পালন কৰিব বিচাৰিছে।
উল্লেখযোগ্য যে কন্যা শিশুটি ক’ৰ পৰা কেনেদৰে আহিল তাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নিজৰ কু-মনোবৃত্তি চৰিতাৰ্থ কৰিবলৈ গৈ অবৈধ কাণ্ড লুকুৱাবলৈয়ে কোনো পাষাণ হৃদয়ৰ লোকে এনে জঘন্য কাণ্ড সংঘটিত কৰিছে বুলি অঞ্চলবাসী ৰাইজে সন্দেহ কৰিছে।













