![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
বোকাখাতত অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত উপস্থিত হয়হি দুবাৰকৈ বিধান সভাৰ আসন দখল কৰা বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ বাসগৃহত। গগৈৰ বাসগৃহত মিলিত হোৱা কাৰ্যই ভিতৰি ভিতৰি বোকাখাতৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি কৰিছে।বোকাখাতৰ সচেতন ৰাজনীতিকৰ অজ্ঞাতেই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে তিনিটা বিশেষ ব্যক্তিগত কাম লৈ বোকাখাতলৈ আহিছিল।
প্ৰয়াত সমাজকৰ্মী অগ্নি প্ৰসাদ শৰ্মা, প্ৰয়াত কাশীৰাম চৌধুৰীৰ গৃহত মাত লগোৱা আৰু প্ৰাক্তন বিধায়ক জিতেন গগৈৰ গৃহত একাপ চাহ খাই যোৱাৰ উদ্দেশ্যেই বোকাখাতলৈ অহা মহন্তই জিতেন গগৈৰ বাসগৃহত এঘণ্টাৰো অধিক সময় বিভিন্ন আলোচনা কৰে। এই আলোচনাত শেহতীয়াকৈ ভাগ লয় প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হৈ থকাৰ প্ৰথমটো কাৰ্যকালত অসম বিধানসভাৰ উপাধ্যক্ষ তথা তদানীন্তন বোকাখাতৰ বিধায়ক বলোভদ্ৰ তামুলীয়ে।
আলোচনাৰ প্ৰসংগত প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে সাংবাদিকক জনায় যে কয় মহন্তৰ এই আগমন নিতান্তই ব্যক্তিগত। অৱশ্যে ৰাজনীতিত জড়িত দুজন ব্যক্তি লগ হ’লে ৰাজনৈতিক পৰিবেশ আলোচনা কৰা একো অস্বাভাৱিক নহয়। তেনে প্ৰসংগৰে আলোচনাত ঠাই পোৱাৰ কথা গগৈয়ে স্বীকাৰ কৰি কয় যে ২০২১ চনত বোকাখাতৰ পৰা তেওঁ প্ৰতিদ্বন্দিতা কৰিব।
দুটাকৈ কাৰ্যকাল বোকাখাতৰ বিধায়ক নিৰ্বাচিত হোৱা গগৈৰ সমৰ্থন সকলে এইবাৰ দেহেকেহে লাগিব বুলিও কথা দিয়াৰ লগতে তেওঁক আস্বস্ত কৰিছে। যি কিছু সংখ্যক আঁতৰি গৈছিল তেওঁলোকো ঘূৰি আহি গগৈক নিৰ্বাচনৰ প্ৰতিদ্বন্দিতা কৰিবলৈ হেঁচা দিছে। কোনো দলৰ প্ৰতিনিধিত্ব নকৰাকৈ নিৰ্দলীয়ভাৱে তেওঁ প্ৰতিদ্বন্দিতা কৰাটো খাটাং বুলিও গগৈয়ে উল্লেখ কৰি কয় যে ইতিমধ্যেই প্ৰস্তুতি আৰম্ভ হৈছে।
আলোচনাত বোকাখাতৰ বৰ্তমান বিধায়ক অতুল বৰাৰ প্ৰসংগও আহিছিল বুলি উল্লেখ কৰি গগৈয়ে কয়। তেখেতে আৰু কয় যে প্ৰফুল্ল কুমাৰ মহন্তক তেখেতে স্পষ্টভাৱে লোৱাৰ লগতে অতুল বৰাৰো তেখেত ভাল বন্ধু। কিন্তু নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰথম প্ৰতিদ্বন্দী। মহন্তৰ সৈতে সঘন বাৰ্তালাপ হৈ থাকে বুলি উল্লেখ কৰি গগৈয়ে তেখেত পুণৰ গগৈৰ বাসগৃহলৈ ঘৰলৈ আহিব বুলিও জনায়।
ইফালে এই আলোচনাত শেহতীয়াকৈ ভাগ লয় অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ বলোভদ্ৰ তামুলীয়ে। টেলিফোনিক বাৰ্তালাপত তামুলীয়ে সাংবাদিকক জনায় যে তেখেতৰ উপস্থিতিৰ আগতেই তেওঁলোকৰ আলোচনা শেষ হৈছিল। কেৱল ওচৰতে ঘৰ বাবেহে তামুলীক মাতি অনা হ’ল।
যিয়েই নহওক বোকাখাত বিধান সভাৰ আসনখন দুবাৰকৈ নিজৰ দখলত ৰখাৰ লগতে একালত বোকাখাতৰ ৰাজনীতিত নিজৰ বলিষ্ঠ প্ৰভাৱ ৰখা জিতেন গগৈৰ সৈতে অসমৰ অন্যতম ৰাজনীতিক প্ৰফুল্ল কুমাৰ মহন্তই দীৰ্ঘ সময় কৰা আলোচনাই বোকাখাতৰ নিৰ্বাচনী প্ৰেক্ষাপটত কি প্ৰভাৱ পেলাব সেয়া সময়ে ক’ব। কিন্তু এই আলোচনাৰ প্ৰকৃত বিষয় কি আছিল সেই প্ৰশ্নই বৰ্তমানৰ বোকাখাতৰ ৰাজনৈতিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে।













