![]()
অজন্তা তালুকদাৰ:
বোকাখাত : আজি বোকাখাতৰ বৰচাপৰিত পুৱাৰ ভাগতে উদ্ধাৰ হয় প্ৰায় এশ বটল অবৈধ ভাবে মজুত কৰি ৰখা দেশীয় সুৰা। বোকাখাত যান বাহন আৰক্ষী বিষয়া গোবিন কাকতিৰ নেতৃত্বত বোকাখাত যান বাহন আৰক্ষীৰ এক অভিযানত ধৰা পৰে উক্ত চুলাই মদখিনি।
যান বাহন আৰক্ষী বিষয়া গৰাকীৰ পৰা জানিব পৰা মতে আজি নিচেই পুৱাৰ ভাগতে পশ্চিম বংগৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা এন এল ০১ এ বি ৫২০৩ নম্বৰৰ আটা ভৰ্তি ট্ৰাক এখন বোকাখাত থানাৰ অন্তৰ্গত বৰচাপৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ট্ৰাকত থকা আটাৰ বস্তা সিঁচৰতি হৈ পৰা দেখি সমীপৰ বহুকেইজন বাসিন্দা আহি আটাৰ বস্তা নিজ নিজ ঘৰলৈ লৈ যায়।
উক্ত অভিযোগ প্ৰাপ্ত হোৱা মাত্ৰকে বোকাখাত যান বাহন আৰক্ষী বিষয়া গোবিন কাকতিৰ নেতৃত্বত যোৱা বোকাখাত যান বাহন আৰক্ষীৰ এটি দলে কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে বৰচাপৰিৰ দুৰ্ঘটনাস্থলীৰ সমীপৰ বাসিন্দাসকলৰ ঘৰত স্থানীয় গাঁও ৰক্ষী বাহিনীৰ লোকৰ সহযোগ তালাচী চলাই প্ৰায় ১৫ কুইণ্টল আটাৰ বস্তা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে উজ্বল ছহীছ আৰু ৰাজু গোৱালা নামৰ দুজন লোকৰ ঘৰৰ পৰা প্ৰায় ৬০ বটল অবৈধ চুলাই মদ জব্দ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে আৰক্ষীৰ আগমনৰ উমান পাই বাসিন্দা সকল ঘৰৰ পৰা পলাই যায়। দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ পৰা প্ৰায় ১০০ বস্তা আটা চুৰি হোৱাৰ অভিযোগ উঠিছে আৰু ট্ৰাকখন বৰ্তমান বোকাখাত আৰক্ষীৰ জিম্মাত আছে বুলি যান বাহন আৰক্ষী বিষয়া গৰাকীৰ পৰা জানিব পৰা গৈছে। আজিৰ এই অভিযানত আৰক্ষীলৈ সহযোগিতা আগবঢ়ায় গাওঁৰক্ষী বাহিনীৰ বোকাখাত থানা সমিতিৰ সভাপতি মৃদুল বৰা আৰু বৰচাপৰি ১২ নম্বৰ লাইনৰ দীপক সোনাৰে।
উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ লক-ডাউনৰ সময়তে এক বৃহৎ সংখ্যক চুলাই গ্ৰাহকৰ বাবে সাজু হৈ উঠা আৰু বোকাখাত মহকুমাৰ বিভিন্ন ভিতৰুৱা অঞ্চলত চুলাই মদৰ ৰমৰমীয়া বেহা ধৰা পৰাৰ লগতে বহুসংখ্যক ভাঁটি আৰু ঘাটি আৰক্ষীয়ে নষ্ট কৰাৰ বাতৰিয়ে সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছিল। আজিৰ ঘটনাই প্ৰমাণ কৰিছে যে এই অঞ্চলত চুলাই মদৰ বেহা এতিয়াও শেষ হোৱা নাই।
সমাজৰ গৰিষ্ঠসংখ্যকে সমাজৰ উত্তৰণৰ বাবে অহোপুৰুষাৰ্থ কৰি থকাৰ বিপৰীতে অবৈধভাৱে এই চুলাই মদৰ বেপাৰ কৰি একাংশই সম্প্ৰতি উঠি অহা প্ৰজন্মক মানসিক শাৰিৰীকভাৱে বাধাগ্ৰস্ত কৰি তোলাৰ অপচেষ্টাত সচেতন মহল চিন্তান্বিত হৈ পৰিছে।













