![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
সত্ৰত ক’ৰোনাৰ আতংক। বটদ্ৰৱাৰ কুজিসত্ৰত ১২ জন লোকৰ দেহত কভিড -১৯ পজিটিভ ধৰা পৰিছে। জানিব পৰা মতে ঐতিহাসিক কুঁজি সত্ৰৰ প্ৰশান্ত হাজৰিকা নামৰ এজন যুৱকৰ দেহত পাঁচ দিন পূৰ্বে ধৰা পৰিছিল কভিড।
তাৰ পিছতেই মৰিগাওঁ জিলা স্বাস্থ্য বিভাগে তৎপৰতাৰে যুৱক জনৰ সংস্পর্শলৈ অহা লোকসকলৰ পৰা স্বাৱ সংগ্ৰহ কৰে। শনিবাৰে স্বাৱৰ ফলাফলত ১২ জনকৈ লোকৰ দেহত ধৰা পৰে কভিড-১৯ পজিটিভ।
ইফালে কুজি সত্ৰৰ সত্ৰাধিকাৰ তথা সত্র পৰিচালনা সমিতিয়ে আগন্তুক ১৪ দিনৰ বাবে সত্ৰলৈ আগমন ঘটিব লগীয়া তীৰ্থ যাত্রীৰ আগমনৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে। উল্লেখ্য যে আগন্তুক ১৪ দিনৰ বাবে সত্ৰৰ দুগৰাকী ভকতে নিত্য নৈমিত্তিক প্ৰসংগ চলাই থাকিব।













