![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
দেশজুৰি অব্যাহত আছে ক’ৰোণাতংক। হাজাৰ হাজাৰ লোক এদিনতে ক’ৰোণাত আক্ৰান্ত হৈছে। কিন্তু এনেতে তিতাবৰ মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী বিভিন্ন গ্ৰামাঞ্চলত একাংশ অসাধু লোকে দেশী-বিদেশী সুৰাৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰখাৰ অভিযোগ উঠিছে।
এই অভিযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰিয়ে আজি বৰহোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ দাসৰ নেতৃত্বত থকা আৰক্ষীৰ এটা দলে ইকৰাণিৰ নাওপেটাত এটা বৃহৎ চুলাইৰ ভাটি উচ্ছেদ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, বিগত দুটা বছৰত এনে চুলাই কাণ্ডত বৰহোলাৰ শতাধিক লোকৰ মৃত্যু হৈছিল কিন্তু এই কথালৈ কোনো ধৰণৰ গুৰুত্ব নিদি পুনৰ বাৰ গ্ৰামাঞ্চলৰ লোকে চুলাইৰ অবৈধ ভাটি গঢ়ি তোলে। বৰহোলা আৰক্ষী থানাত শেষতীয়াকৈ যোগাদান কৰা অ’ চি ৰাজীৱ দাসৰ নেতৃত্বত নেওপেটাত এনেদৰে অবৈধ সুৰাৰ বিৰুদ্ধে চলা অভিযানত বৰহোলাৰ সচেতন ৰাইজে সন্তোষ প্ৰকাশ কৰি সুৰা বিৰোধী এই অভিযান অধিক তীব্ৰতৰ কৰি তুলিবলৈ আহ্বান জনাইছে।
ইফালে বেকাজান আৰক্ষী চকীৰ অন্তৰ্গত ভেল’গুৰি মিছিং গাঁও, ছয়ত্ৰিছ ঘৰীয়া গাঁৱকে ধৰি আৰক্ষী চকীৰ আশে-পাশে থকা কেইবাটাও স্থানত দীৰ্ঘদিনে অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ ৰাজহুৱা অভিযোগ উঠিছে।
লকডাউনৰ সময়তো ভেল’গুৰি মিছিং গাঁৱত বাহিৰৰ পৰা আহি নিচাত ডুব যোৱা একাংশ অধঃপতিত যুৱকে তীব্ৰ বেগত বাইক চলাই একপ্ৰকাৰ সন্ত্ৰাস চলোৱাৰো স্থানীয় ৰাইজে অভিযোগ কৰিছে। এইক্ষেত্ৰত বেকাজান আৰক্ষীয়ে আজিকোপতি কোনো ব্যৱস্থা নোলোৱাত অঞ্চলটোৰ সচেতন ৰাইজ সন্দিহান হৈ পৰিছে।













