![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাওঁ: বান গ’ল, ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পালে। কিন্তু নগাওঁ জিলাৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘুলি, ভুৰবন্ধা, ভগামুখ আদি অঞ্চলত আৰম্ভ হৈছে তীব্ৰ খহনীয়া।
ইয়াৰ পূৰ্বে অঞ্চলটোৰ বহু কেইখন গাঁও, শিক্ষানুষ্ঠান খহনীয়াত জাহ গৈছে। নতুনকৈ খহনীয়া আৰম্ভ হোৱাৰ ফলত সমগ্ৰ অঞ্চলটিৰ ৰাইজ শংকিত হৈ পৰিছে। জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিৰ অন্তৰ্গত কলিয়াবৰ মহকুমাৰ অন্তৰ্গত দুখন বিদ্যালয় পুনৰ খহনীয়াত জাহ যায়।
সত্তৰৰ দশকত স্থাপিত বীৰ চিলাৰায় প্ৰাথমিক বিদ্যালয় আৰু ভুৰবন্ধা এম ই মাদ্ৰাছা নামৰ চৰকাৰী শিক্ষানুষ্ঠান দুখন আজি নদীৰ বুকুত জাহ যায়। লগতে ইয়াৰ গাতে লাগি থকা শতবৰ্ষ গৰকা ৪নং ভুৰবন্ধাৰ ঐতিহাসিক লাল মছজিদটিও নদীৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম ঘটিছে।
কলিয়াবৰ-চামগুৰি সমষ্টিৰ সীমামুৰীয়া গাওঁখনৰ প্ৰায় ৭০% ইতিমধ্যে কাল খহনীয়াৰ ফলত কবলত পৰিছে। গৃহহীন-আশ্ৰয়হীন হৈ পৰিছে হাজাৰ হাজাৰ লোক।
কিন্তু নাই কোনো চৰকাৰী আশ্ৰয় শিবিৰ তথা সংস্থাপনৰ ব্যৱস্থা। চৌদিশে মাথো দুৰ্ভগীয়াৰ ক্ৰন্দন। কিন্তু আহৰি নাই চৰকাৰ-প্ৰশাসনৰ প্ৰতিনিধি, বিভাগীয়া মন্ত্ৰী, কৰ্মচাৰী, মন্ত্ৰী তথা স্থানীয় জনপ্ৰতিনিধিৰো এবাৰ দুৰ্দশাগ্ৰস্ত ৰাইজৰ খবৰ লোৱাৰ।













