![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ক’ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে পূৰ্বৰ দৰে নহব চলিতবৰ্ষত ইছলাম ধৰ্মাৱলম্বী লোকৰ ঈদৰ নামাজ।চলিত বৰ্ষত ঈদৰ সমূহীয়া নামাজক লৈ ৰাজ্য প্ৰশাসনে জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা।মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই আজি জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা খন।উপায়ুক্ত আৰু ঈদগাহ সমিতি সমূহৰ সৈতে আলোচনাৰ অন্তত মূখ্যসচিব গৰাকীয়ে জাৰি কৰিছে এই নিৰ্দেশনা সমূহ।
*সেই অনুসৰি তিনিজনতকৈ অধিক লোক নামাজত সমবেত হব নোৱাৰিব।
*অহা ৩০ আৰু ৩১ জুলাইত আন্তঃজিলা যাতায়তৰ অনুমতি।
*সকলোধৰণৰ ৰাজনৈতিক আৰু ধৰ্মীয় অনুষ্ঠান সমূহ বন্ধ থাকিব পৰৱৰ্তী জাননী জাৰি নকৰালৈকে।
উল্লেখ যে ৩১ জুলাইত ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ঈদ।













