![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰঙিয়া মডেল হাস্পতালত নাৰ্ছ, আশা কৰ্মীসহ মুঠ ১৬ জনৰ দেহত কোভিড-১৯।দুদিনৰ ভিতৰত ৰঙিয়াত ৪১জনৰ দেহত ধৰা পৰিল কোভিড-১৯ৰ অৱস্থিতি। এইবাৰ ৰঙিয়া মডেল হাস্পতালৰ নাৰ্ছ, আশা কৰ্মীসহ ১৪ জনকৈ লোক আক্ৰান্ত হৈছে ক’ৰোণাত। ৰেপিড টেষ্টত নাৰ্ছ প্ৰণতি দাস আৰু আশা কৰ্মী মিনু বণিয়াৰ দেহত কোভিড-১৯ৰ অৱস্থিতি ধৰা পৰে। যোৱা তিনিদিনে জ্বৰত আক্ৰান্ত হৈ আছিল নাৰ্ছগৰাকী। ক’ৰোণাত আক্ৰান্ত আটাইকেইজনকে ইতিমধ্যে কোভিড হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
ইফালে মডেল হাস্পতালৰ নাৰ্ছগৰাকীৰ দেহত কোভিড-১৯ৰ অৱস্থিতি ধৰা পৰাৰ পিছতে আতংকময় পৰিৱেশে বিৰাজ কৰিছে ৰঙিয়াৰ ৰোগীসকলৰ মাজত। নাৰ্ছগৰাকীয়ে কৰ্তব্যৰ খাতিৰত হাস্পতালখনত বহুতো ৰোগীৰ সংস্পৰ্শলৈ আহিছিল। শনিবাৰলৈ কৰ্তব্য পালন কৰি আছিল নাৰ্ছগৰাকীয়ে। ইতিমধ্যে হাস্পতালখনত চিকিৎসা কৰিবলৈ অহা ৰোগীৰ তালিকা প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে চিকিৎসকে। তালিকা প্ৰস্তুত হোৱাৰ পিছতে সকলোৰে ৰেপিড পৰীক্ষা কৰা হ’ব বুলি জানিবলৈ দিয়ে।
প্ৰশাসনে ইতিমধ্যে মডেল হাস্পতালখন কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰি ছীল কৰি দিয়ে। যাৰ ফলত এতিয়া গণ সংক্ৰমণৰ দিশে সমগ্ৰ ৰঙিয়া।













