![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
বোকাখাত : সমগ্ৰ বিশ্ব জুৰি ত্ৰাসৰ সৃষ্টি কৰা কভিড ১৯ মহামাৰীৰ সমান্তৰালভাৱে ৰাজ্যৰ লগতে এতিয়া তৃৃৃতীয়টো বানে জুৰুলা কৰিছে বোকাখাতৰ নৈপৰীয়া গ্ৰাম্যাঞ্চলৰ ৰাইজক। সেয়েহে বন্যাৰ্তক অলপ সকাহ দিবৰ বাবে আগবাঢ়ি আহিল “ৰক্ত দান মহান দান, ৰক্ত দান জীৱন দান” মূল মন্ত্ৰৰে গঠিত হোৱা “ইউনিটি উই দ্যা ব্লাড ডনৰছ” নামৰ সংগঠনটো ৷
মূলত ৰক্তদানৰ ওপৰত কাম কৰি থকা সংগঠনটোৱে প্ৰথমবাৰৰ বাবে বন্যাৰ্তক সহায়ৰ বাবে আগবাঢ়ি আহিল ৷ সংগঠনটোৰ গোলাঘাট জিলা শাখাই বোকাখাত মহকুমাৰ কুৰুৱাবাহীৰ যোগনীয়া, চহলাৰ ১১০ টা বন্যাৰ্ত পৰিয়ালক কালি বান সাহায্য প্ৰদান কৰে ৷ সাহায্য সামগ্ৰীত চাউল, দাইল, আলু, মিঠাতেল, নিমখ, বিস্কুট, পানী বটল, মহ খেদা সামগ্ৰী, চেনিটাৰী পেড আদি বিতৰণ কৰে সংগঠনটোৱে ৷
ইফালে, নতুন প্ৰজন্মৰ একাংশ যুৱক-যুৱতীয়েও বানাক্ৰান্তৰ মাজলৈ গৈ সামান্য সকাহ দিবলৈ চেষ্টা কৰিছে৷ বোকাখাতৰ এজাক উদ্যমী যুৱক যুৱতীয়ে গঠিত স্বেচ্ছাসেৱী সংগঠন “ৰাষ্টা”ই বানপীড়িতলৈ সাহাৰ্য্য প্ৰদান কৰিছে আৰু নৱপ্ৰজন্মৰ আন যুৱক-যুৱতীৰ বাবে প্ৰেৰণাৰ বতৰা কঢ়িয়াইছে৷

উল্লেখ্য যে, বোকাখাতৰ ৮০ গৰাকী তকৈও অধিক উদ্যমী যুৱক-যুৱতীয়ে গঠিত কৰা এই নতুন স্বেচ্ছাসেৱী সংগঠন “ৰাষ্টা”ৰ সম্পূৰ্ণ নাম ‘ৰেপিড একচন এণ্ড চাপ’ৰ্ট টীম ফৰ একী এণ্ড এইলিং’। সংগঠনটোৰ সদস্য-সদস্যা সকলে বোকাখাত সমষ্টিৰ কুৰুৱাবাহীৰ নিকৰি অঞ্চলৰ বানপীড়িত সকলৰ খবৰ লোৱাৰ উপৰিও বন্যাৰ্ত সকললৈ সাহায্য আগবঢ়ায় ৷
উল্লেখ্য যে সংগঠনটোৰ যুৱক-যুৱতী সকলে সম্পূৰ্ণ ব্যক্তিগত সংগ্ৰহেৰে বন্যাৰ্তৰ বাবে চাউল, দাইল, মিঠাতেল, নিমখ, ব্ৰেড, পানী বটল, চাবোন, মমবাতি, ধূপ, চেনিটাৰী পেড ইত্যাদি প্ৰদান কৰে । অনাগত সময়তো সংগঠনটোৱে সমাজৰ প্ৰত্যেকটো কাম নিয়াৰিকৈ চলাই যোৱাৰ উপৰিও এখন সুস্থ সমাজ গঢ়ি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে৷ নৱপ্ৰজন্মৰ মাজত চলি থকা বহু ঋণাত্মক চিন্তাৰ মাজতে এনে ধনাত্মক চিন্তাই ৰাইজৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে৷













