![]()
অজন্তা তালুকদাৰ:
বোকাখাত : বোকাখাতৰ যুৱ সমাজকৰ্মী তথা বোকাখাত ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতু শইকীয়াৰ উদ্যোগত নুমলীগড় মণ্ডল কংগ্ৰেছ আৰু নুমলীগড় চাহ মজদুৰ সংঘৰ সহযোগত ২৬ জুলাইত নুমলীগড় চাহ বাগিছাৰ স্পৰ্শকাতৰ অঞ্চল সমূহ চেনীটাইজাৰ কৰা হয় ৷
লগতে ৰাইজক মাস্ক প্ৰদান কৰা হয়। নুমলীগড় বাগিছা সংঘৰ সভাপতি মনোজ তাতীয়ে আঁত ধৰা কাৰ্যসূচীত বোকাখাত ব্লক কংগ্ৰেছৰ উপ সভাপতি বিপুল দাস, নুমলীগড় যুুৱ কংগ্ৰেছৰ সম্পাদক আকাশ তাঁতী, ব্ৰাইটচন এন্থনী , নুমলীগড় মণ্ডল কংগ্ৰেছৰ সমূহ বিষয়ববীয়া আৰু দুই শতাধিক ৰাইজ উপস্থিত থাকে ৷
ক’ৰোনা মহামাৰীৰ এই জটিল সময়ত বোকাখাত ব্লক কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতু শইকীয়াৰ এনে পদক্ষেপক ৰাইজে আদৰণি জনাইছে ৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলৰ এজন নিষ্ঠাবান কৰ্মী হিচাপে কাম কৰি অহা আৰু সমাজ সেৱাৰ লগত একাত্মভাৱে জড়িত শইকীয়া অনাগত বিধান সভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ এজন শক্তিশালী প্ৰাৰ্থী ৷













