![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰাৰ বাবে নৱপ্ৰজন্মৰ হাৰ্টথ জুবিন গাৰ্গক সামাজিক মাধ্যমত সমালোচনা একাংশৰ। গুৱাহাটী ব্ৰহ্মপুত্ৰ অতিথিশালাত সপত্নীৰে জুবিনে শনিবাৰে সাক্ষাৎ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীক।তাৰ পাছতে সোণোৱালক সাক্ষাৎ কৰা ফটো ভাইৰেল হৈছিল সামাজিক মাধ্যমত।

মুখ্যমন্ত্ৰী সৈতে ফটো ভাইৰেলৰ পাছতে সামাজিক মাধ্যমত শিল্পী জুবিনক উদ্দেশ্য কৰি একাংশই সমালোচনা আৰম্ভ কৰিছে।উল্লেখ্য যে ৰাজ্যৰ ভয়াৱহ বানপানীৰ সমস্যাৰ লগতে ৰাজ্যবাসীৰ বিভিন্ন সমস্যাৰ বিষয়ে ঘৰুৱা ভাৱে আলোচনা কৰা বাবে শিল্পী গৰাকীয়ে সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰীক।

সামাজিক মাধ্যমত বিশেষ ফটোখনক লৈ আৰম্ভ হোৱা বিতৰ্কৰ মাজতে সামাজিক মাধ্যমত পত্নী গৰিমা শইকীয়া গাৰ্গে লিখিছে এইদৰে- “কৰ্ম বিশ্বাসী আমি, ক’ব লগা সকলোখিনি কৰ্মৰ ভাষাৰে কম।ছচিয়েল মিডিয়াও অযথা কথা বাবে ব্যৱহাৰ হোৱা মাধ্যম বুলি নাভাবো”।
শিল্পী জুবিনে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা সন্দৰ্ভত বৰ্তমানো কোনো মুখ খোলা নাই।মুখ্যমন্ত্ৰীক সাক্ষাৎ সম্পূৰ্ন ঘৰুৱা আৰু সৌজন্যমূলক আছিল বুলি তেওঁ প্ৰকাশ কৰিছে।
উল্লেখ যে মুখ্যমন্ত্ৰীক সাক্ষাৎ সময়ত মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা ঋষিকেষ গোস্বামী আৰু আইন উপদেষ্টা শান্তনু ভৰালী উপস্থিত আছিল।













