![]()
অজন্তা তালুকদাৰ:
বোকাখাত : তৃতীয়টো বানৰ কবলত এতিয়া বোকাখাত মহকুমা। ইটোৰ পাছত সিটোকৈ অহা বানৰ ঢলে জলমগ্ন কৰি ৰাখিছে মহকুমাটোৰ ৫১ খন গাঁও। বান শিবিৰ এৰি স্বগৃহাভিমুখে উভতিব পৰা নাই বানাক্ৰান্ত লোকসকল। খেতিপথাৰ সমূহ জলমগ্ন হৈ সাগৰসদৃশ ৰূপ লৈছে।
মহকুমা প্ৰশাসনৰ ক্ষেত্ৰ পৰিদৰ্শন প্ৰতিবেদন অনুসৰি ২৬ জুলাইৰ বিয়লিলৈকে বোকাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত মহুৰা, বোকাখাত আৰু কাজিৰঙা এই তিনি মৌজাৰ মুঠ ৫১খন গাঁও বানপানীৰ কবলত পৰিছে। এতিয়ালৈকে ক্ষতিগ্ৰস্ত কৃষি এলেকা প্ৰায় ১১২৩ হেক্টৰ, বৰ্তমানলৈকে প্ৰভাৱিত জনসংখা প্ৰায় ৬৫, ৪০০ যদিও এই ক্ষেত্ৰত সমীক্ষা চলাই থকা হৈছে আৰু পৰবৰ্তী প্ৰতিবেদনত এই সংখ্যাৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে বুলি মহকুমা প্ৰশাসনে জানিবলৈ দিছে।
বৰ্তমানলৈকে মহকুমাটোত মুঠ ১৭ টা আশ্ৰয় শিবিৰত থকা ২৬৮৭ জন লোকক ৪০ টা বান সাহায্য বিতৰণ শিবিৰৰ পৰা প্ৰশাসনে বিতৰণ কৰা বান সাহাৰ্য্যৰ পৰিমাণ হ’ল ৬২৯৫.০৪৪কুইন্টল চাউল, ১১৫০.৭ কুইন্টল দাইল, ৩৪৫.২৬২৮ কুইন্টল নিমখ, ৩৪৫২৬.২৮ লিটাৰ মিঠাতেল, ৮৩ কি.গ্ৰাম চেনি ৪ কুইন্টল ৫০ কেজি চিৰাৰ লগতে ৪৯৩ পেকেট শিশু খাদ্য, ১৩৫০ কুইন্টল পশুখাদ্য, ৮০০ পেকেট মমবাতি, ২৫০ পেকেট জুইশলা বাকচ, ৪৩০ পেকেট মহ খেদোৱা ধূপ, ৭০০০ খন ফেচ মাস্ক আৰু ১০০০ খন টাৰপ’লিন। ৪ টা পশু চিকিৎসা শিবিৰো স্থাপন কৰা হৈছে।













