![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই।গগৈৰ মুক্তি দাবীৰে বিশিষ্ট বুদ্ধিজীৱী গৰাকীয়ে প্ৰকাশ কৰিছে এক ভিডিঅ বিজ্ঞপ্তি।
অখিলে ৰাজ্যৰ সকলো জাতি- জনগোষ্ঠীক ঐক্যবদ্ধ কৰি গণ সংগ্রামৰ পথলৈ নমাই অনাত সফল হৈছে।এইয়া তেওঁ অন্যন্য কৃতিত্ব বুলি উল্লেখ কৰি ডক্টৰ গোহাঁই কয়-অখিলৰ সৈতে বিভিন্ন বিষয়ত একমত হব নোৱাৰিলেও গণতান্ত্ৰিক সংগ্রামৰ মূল্যবান ভূমিকাক কোনেও অৱমাননা কৰিব নোৱাৰিব।সেইবাবে তেওঁ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বাবে বৃহৎ প্ৰত্যাহ্বান”।
গণতান্ত্ৰিক উপায়েৰে নিৰস্ত কৰিব নোৱাৰি ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে তেওঁ ওপৰত নানা ভিত্তিহীন গোচৰ জাপি দি কাৰাবন্ধী কৰি ৰাখিছে।যাতে অসমৰ প্ৰতিবাদী সংগ্রাম দুৰ্বল হয়।এটা পাছত এটা গোচত জামিন পাইছে পুনৰ নতুন গোচৰ জাপি দিয়া হৈছে।কাৰাগাৰত তেওঁ স্বাস্থ্য অৱনতি ঘটিছে, নিৰ্যাতনৰ সন্মূখীন হৈছে।শেহতীয়াকৈ কা’ আন্দোলনত তেওঁ ঐতিহাসিক ভূমিকাই ক্ষমতা লোভী চৰকাৰৰ বাবে বিপদ সৃষ্টি কৰিছে।অখিলক কাৰাৰুদ্ধ কৰি ৰাখি চৰকাৰৰ অন্যান্য দুষ্কাৰ্য স্বেচ্ছাচাৰী ভাৱে চলায় থকা বুলিও গোহাঁইয়ে তাপৰ্য পূৰ্ণ ভাৱে উল্লেখ কৰে।
সম্পত্তি কভিড নিয়ন্ত্ৰণৰ নামত চলা নানা দুষ্কৃতি আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ সম্পৰ্কীয় EIA-2020 অধিসূচনা প্ৰস্তুত কৰিছে।তাতে সিহঁতৰ কু-অভিপ্ৰায় উদঙাই দিছে-গোহাঁই লগতে কয়।
অসম তথা অসমৰ জনগণ ৰক্ষাৰ বাবে তেওঁ মুক্তিৰ দাবী অপৰিহাৰ্য।তেওঁ বন্দীত্ব অন্যায়, অগণতান্ত্ৰিক, মুক্তি নোপোৱাৰ পৰ্যন্ত সকলোৱে সমস্বৰে সংগ্ৰাম চলাই যাব লাগিব বুলিও ৰাইজক আহ্বান জনায় বিশিষ্ট বুদ্ধিজীৱী গৰাকীয়ে।












