![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ওদালগুৰি জিলাৰ মাজবাটত পুৱতি নিশা বৃহৎ পৰিমাণৰ মাৰনাস্ত্ৰ উদ্ধাৰ কৰে আৰক্ষীয়ে।মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত দেউচানীৰ পাগলা নৈৰ পাৰত মাটিত পুটি থোৱা অৱস্থাত উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ খিনি৷ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিছিল এই অভিজান ৷
গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ওদালগুৰি আৰক্ষীয়ে নিশা চলাইছিল এই অভিযান। অভিযান চলাই ওদালগুৰি আৰক্ষীয়ে পাগলা নৈৰ পাৰত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে তিনিটা এ কে ৫৬ ৰাইফলৰ লগতে তিনিটা মেগজিন আৰু ২০ জাই সজিব গুলী ৷ইফালে এই অবৈধ মাৰনাস্ত্ৰ উদ্ধাৰ হোৱাক লৈ বি টি চি পৰিষদীয় নিৰ্বাচন ৰক্তাক্ত হোৱাৰ আশংকা প্ৰকাশ কৰিছে সচেতন ৰাইজে। বড়ো ভূমিত উগ্ৰপন্থী সংগঠনে বড়ো শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পিছত চৰকাৰৰ হাতত জমা দিছিল বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ।













