![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু: কাৰ্বি আংলং জিলাৰ শান্তিপুৰ বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এলবাৰ্ট এল ৰিংএছতে(Elbart L Ringeste)আৰু তেওঁৰ দেহৰক্ষী গোলাপ বৰা আজি এক দুৰ্ঘটনাত পতিত হয়।
ঘটনাৰ বিৱৰণী অনুসৰি আৰক্ষী বিষয়াগৰাকী তেওঁৰ দেহৰক্ষী সহ শান্তিপুৰৰ পৰা বোকাজানলৈ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা অৱস্থাত বৰনেৰীয়া দলংৰ ওচৰত হঠাতে গাড়ীৰ সন্মুখলৈ অহা গৰুক বচাবলৈ গৈয়েই দুৰ্ঘটনা সংঘটিত হয়।
আৰক্ষী বিষয়া এলবাৰ্ট এল ৰিংএছতে নিজৰ ব্যক্তিগত বাহনখনৰ সৈতে দুয়ো বৰনেৰীয়া জানৰ পানীত পৰেগৈ। অৱশ্যে বিষয়াগৰাকীয়ে ব্যক্তিগত দেহৰক্ষীৰ সৈতে বহু কষ্টৰে গাড়ীৰ সন্মুখৰ গ্লাচ ভাঙি পাৰলৈ উঠিবলৈ সক্ষম হোৱাৰ লগতে প্ৰৱল সোঁতৰ জানটোৰ পৰা দুয়ো ৰক্ষা পৰে। উল্লেখ্য যে সৌভাগ্যক্ৰমে দুয়োজনেই কোনো গুৰুত্বৰ আঘাতৰ পৰা ৰক্ষা পৰে।













