ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু:শেহতীয়া জৰীপ অনুসৰি অসমৰ অৰণ্যত বাঘৰ সংখ্যা বৃদ্ধি পােৱাৰ তথ্য প্রকাশ হােৱাৰ সময়তে আজি কার্বি আংলং জিলাৰ হাওৰাঘাটৰ যমুনাগাৱত বাঘৰ আক্রমণত এজন লােক গুৰুতৰভাবে আহত হয়।
হাওৰাঘাট নগৰৰ পৰা প্রায় দহ কিঃমিঃ নিলগৰ যমুনাগাঁৱত এই ঘটনা সংঘটিত হয়। ঘটনাৰ বিৱৰণী অনুসৰি গাঁওখনৰ জীতেন খাখলাৰী(৩৫) নামৰ কৃষকগৰাকীয়ে আজি দিনৰপ্রায় এঘাৰ বজাত পথাৰত কঠিয়া তুলি থকা অৱস্থাতে এটা প্রকাণ্ড ঢেকীয়াপতীয়াই আক্রমণ কৰে।
ঢেকীয়াপতীয়াটোৰ আক্রমণত কৃষকগৰাকীচকু, কাণ, গাল আৰু বাহুত আঘাতপ্রাপ্ত হােৱাৰ পিছত লগে লগে হাওৰাঘাটৰ গ্রাম্য চিকিৎসালয়ত ভর্তি কৰােৱা হৈছে। আক্রমণ সংঘটিত
কৰিয়েই বাঘটোয়ে সমীপতে থকা এখন জাৰণিলৈ পলাই যােৱাৰ সন্দেহ কৰা হৈছে।
হাওৰাঘাট আৰক্ষী আৰু বন বিভাগব এটি বৃহৎ দলঘটনাস্থলীত উপস্থিত হৈ বাঘটো বশ কৰাৰ প্রচেষ্টা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে। আনহাতে, বাঘৰ আক্রমণত আহত যুৱকজন সম্প্রতি বিপদমুক্ত।