নিউজ ডেক্স:
মণিপুৰৰ সংঘটিত গুলীয়াগুলী ঘটনাৰ আঁৰত আলফা (স্বা)সহ তিনিটা সংগঠন জড়িত৷ মণিপুৰৰ চান্দেলত সংঘটিত ভয়ংকৰ এম্বুছৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা (স্বা), পিএলএ আৰু এমএনপিএফ নামৰ সংগঠনকেইটাই৷
বুধবাৰে নিশা প্ৰায় ৮.৩০ বজাত সংঘটিত হৈছিল আছাম ৰাইফলছৰ ওপৰত এম্বুছ৷ এই ঘটনাত নিহত হৈছিল তিনিজন জোৱান৷ আনহাতে আহত হৈছিল আন ছজন জোৱান৷ এই সংঘৰ্ষত শ্বহীদ হয় অসম সন্তান বজালীৰ প্ৰণয় কলিতাসহ চতুৰ্থ অসম ৰাইফলছৰ তিনিজন জোৱান৷ শ্বহীদ জোৱানসকল হৈছে প্ৰণয় কলিতা, ৰতন চালাম আৰু মেথনা কন্যাক। অান ৫জন জোৱান আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে।
উল্লেখ্য যে অসম সন্তান প্ৰণয় কলিতাই ২০০১চনত অসম ৰাইফলছত যোগদান কৰিছিল। তেওঁ ইহ সংসাৰত দুই কন্যাসহ পত্নীক এৰি থৈ গৈছে।