ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : মঙলবাৰে নিশা হোৱা মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ কৱলত পৰা বানাক্ৰান্ত সকললৈ সাহায্য আগবঢ়াইছে গ্ৰেটাৰ বজাৰ কমিটি ডিফুৱে ৷
কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পৰামৰ্শ মতে আজি গ্ৰেটাৰ ডিফু বজাৰ কমিটিৰ এটৈ দলে সভাপতি টিংক্ৰেং ৰংপিৰ নেতৃত্বত বানপিড়িত সকলৰ কাষত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে চাউল, ডালি, আলু আৰু মিঠাতেল আদি বিতৰণ কৰে ৷
সাহায্যকাৰী দলটোৱে চহৰখনৰ চাৰ্থে কলনি, শান্তিপাৰা, শীতলাবাৰী, পানবাৰী, ধৰমনালা সাহায্য বিতৰণ কৰে ৷ সাহায্যকাৰী দলটোৰ লগত, সভাপতি টিংক্ৰেং ৰংপি, উপসভাপতি বাজং হাঞ্চে, সাধাৰণ সম্পাদক চাৰ ইম টকবী, বিত্ত সম্পাদক ইমানুৱেল ৰংফাৰ, কাৰ্যালয় সম্পাদক কলমছিং ক্ৰামছা আৰু প্ৰচাৰ সম্পাদক চেছং তিচ’ অংশ গ্ৰহণ কৰে ৷